মৰাণ, ১৫ জুন: সোমবাৰে চৰাইদেউ(Charaideo) জিলাৰ লাকুৱা গাঁও পঞ্চায়তত নলী-নাদ আঁচনি উদ্বোধন কৰে ৰাজহ, দুৰ্যোগ ব্যৱস্থাপনা, পাৰ্বত্য এলেকাৰ উন্নয়ন আৰু খনিজ সম্পদ বিভাগৰ মন্ত্ৰী তথা মাহমৰা সমষ্টিৰ বিধায়ক যোগেন মহনে(Jogen Mohan) । প্ৰধানমন্ত্ৰী কৃষি সঞ্চয় আঁচনি(হৰ খেত কো পানী) ২০১৯-২০ৰ অধীনত গ্ৰহণ কৰা এই নলা-নাদ আঁচনিত ব্যয় হ'ব ৬.০৬ লাখ টকা ।
লাকুৱাত নলা নাদ আঁচনি উদ্বোধন মন্ত্ৰী যোগেন মহনৰ খেতি পথাৰত পানীৰ যোগান ধৰি কৃষকক সহায় কৰাৰ উদ্দেশ্যেৰে এই আঁচনি গ্ৰহণ কৰা হৈছে । এই নলী-নাদ আঁচনিৰ জৰিয়তে ৪ হেক্টৰ তথা ৩০ বিঘা কৃষি ভূমিত পানী যোগান ধৰা হ'ব । লগতে আঁচনিৰ পাম্পটোৰ ক্ষমতা ৩ হৰ্ছপাৱাৰ ।
লাকুৱাত নলা নাদ আঁচনি উদ্বোধন মন্ত্ৰী যোগেন মহনৰ সাতগৰাকী কৃষকক প্ৰধানমন্ত্ৰী কৃষি সঞ্চয় আঁচনি ২০১৯-২০ ৰ একোখনকৈ চুক্তিপত্ৰৰ লগতে ২০০ ফুট কেনভাচ পাইপ প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে ৷ সোমবাৰে কৃষ্ণ ৰাজকোঁৱৰৰ সভাপতিত্বত এখন সভা আয়োজন কৰি আঁচনিখন উদ্বোধন কৰা হয় ।
অনুষ্ঠানত উপস্থিত থাকে উপায়ুক্ত বিনীতা পেগু, কাৰ্যবাহী অভিযন্তা (জলসিঞ্চন) দিলীপ কুমাৰ বৰুৱা, সহকাৰী অভিযন্তা আশিস দুৱৰা(কৃষি), জলসিঞ্চন বিভাগৰ সহকাৰী অভিযন্তা ৰমেন চেতিয়া, KVK ৰ অৰূপ সন্দিকৈ, বিজেপি লাকুৱা মণ্ডলৰ সাধাৰণ সম্পাদক ত্ৰৈলোক্য গগৈৰ লগতে স্থানীয় একাংশ কৃষক ৷
লগতে পঢ়ক:যৌতুক বিচাৰি পত্নীক হত্যাৰ চেষ্টা ড্ৰাগছ আসক্ত স্বামীৰ