অসম

assam

ETV Bharat / state

শিপিনীৰ মাজত তাঁতশাল-সূতা বিতৰণ মন্ত্ৰী যোগেন মহনৰ - তাঁতশাল আৰু সূতা

তাঁতশিল্পক ধৰি ৰাখি এই শিল্পৰ সৈতে জড়িত লোকসকলক আৰ্থিক সকাহ দিবলৈ ৰাজ্যৰ হস্ততাঁত আৰু বস্ত্ৰ শিল্প বিভাগে পূৰ্বৰে পৰা পদক্ষেপ গ্ৰহণ কৰি আহিছে ৷ শেহতীয়াকৈ ৰাজ্য চৰকাৰে বিভাগটোৰ জৰিয়তে শিপিনীসকলক তাঁতশাল বিতৰণৰ আঁচনি গ্ৰহণ কৰিছে ৷ সোমবাৰে সোণাৰিত এই আঁচনিৰ জৰিয়তে শিপিনীক তাঁতশাল বিতৰণ কৰা এক অনুষ্ঠানত উপস্থিত থাকিল মন্ত্ৰী যোগেন মহন ৷

minister jogen mohan distributed loom among weaver
শিপিনী সকলৰ মাজত তাঁতশাল আৰু সূতা বিতৰণ কৰিলে মন্ত্ৰী যোগেন মহনে

By

Published : Jun 8, 2021, 8:57 AM IST

মৰাণ,8 জুন:অসমৰ তাঁতশিল্প প্ৰাচীনকালৰে পৰা এক গৌৰৱময় গ্ৰাম্য কুটিৰ শিল্প । অসমৰ জাতীয় জীৱনত তথা মহিলা সবলীকৰণৰ উপৰিও গ্ৰাম্য অৰ্থনীতিত তাঁতশিল্পৰ ভূমিকা অপৰিসীম । তাঁতশালৰ কাপোৰে এই শিল্পৰ সৈতে জড়িত থকা পৰিয়ালসমূহক আৰ্থিক সকাহ দিব পৰাকৈ ৰাজ্যিক হস্ততাঁত আৰু বস্ত্ৰ শিল্প বিভাগে (handloom and textile department) শিপিনীসকলৰ আৰ্থিক সাহায্যৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰি আহিছে ।

শেহতীয়াকৈ তাঁতশিল্পৰ জৰিয়তে মহিলাসকলক উপাৰ্জনমুখী কৰি তুলিবলৈ অসম চৰকাৰে দক্ষ‍ শিপিনী (skilled weaver) সকলৰ মাজত তাঁতশাল বিতৰণৰ আঁচনি গ্ৰহণ কৰিছে । সোমবাৰে চৰাইদেউ জিলাৰ সোণাৰিত এক অনুষ্ঠানত তাঁতশাল বিতৰণৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে মন্ত্ৰী যোগেন মহনে ।

শিপিনীসকলৰ মাজত তাঁতশাল আৰু সূতা বিতৰণ কৰিলে মন্ত্ৰী যোগেন মহনে

মন্ত্ৰীজনে তাঁত শিল্পটোক ধৰি ৰাখিবলৈ আহ্বান জনাই শিপিনীসকলৰ মাজত তাঁতশাল আৰু সূতা বিতৰণ কৰে । উক্ত অনুষ্ঠানটোত মন্ত্ৰীগৰাকীৰ সৈতে সোণাৰিৰ স্থানীয় বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, জিলা উপায়ুক্ত আৰু হস্ততাঁত বস্ত্ৰশিল্প বিভাগৰ বিষয়াসকল উপস্থিত আছিল ৷

লগতে পঢ়ক:সুৰা মানুহৰ বাবে একপ্ৰকাৰৰ টনিক : কেন্দ্ৰীয় মন্ত্ৰী ফাগ্গান সিং কুলাষ্টে

ABOUT THE AUTHOR

...view details