ডিব্ৰুগড়, 12 ডিচেম্বৰ: লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগেই ৰাজনৈতিক দলসমূহৰ মাজত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে সাংগঠনিক তৎপৰতা । ইয়াৰ মাজতেই বিজেপিৰ বিৰুদ্ধে গঠন হোৱা বিৰোধী ঐক্যৰ দলসমূহে কেনেদৰে আৰু কোন দলে কিমান আসনত নিৰ্বাচন খেলিব তাক লৈ চৰ্চা চলি থকাৰ মাজতেই শাসক দল বিজেপিৰ সৈতে মিত্ৰজোঁটত থকা অসম গণ পৰিষদ আৰু UPPL ৰ মাজত আৰম্ভ হৈছে লোকসভা নিৰ্বাচনৰ আসনৰ কিছু নিমিলা অংক । ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দুটা দিনৰ পূৰ্বে স্পষ্ট কৰি দিছে বিজেপিৰ মিত্ৰদলৰ আসন সন্দৰ্ভত সিদ্ধান্ত ল'ব কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে ।
অসম গণ পৰিষদে বিচৰা ধৰণেৰে লোকসভা আসনৰ ক্ষেত্ৰত সিদ্ধান্ত নহ'লে অগপৰ ৰাজনৈতিক কৌশল বেলেগ হ'ব বুলি দেওবাৰে অগপৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তই স্পষ্ট কৰি দিছে । সমগ্ৰ দেশতে আগ্ৰাসী ৰূপত থকা বিজেপিয়ে মিত্ৰজোঁটত থকা অগপ আৰু UPPL দলক কেনেদৰে সন্তুষ্ট কৰে সেয়া সময়ত হ’ব লক্ষণীয় বিষয় ।