মৰাণ, 7 জানুৱাৰী : শুকুৰবাৰে জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু হোৱা তিনি শিশুৰ পৰিয়াললৈ আৰ্থিক সাহাৰ্য ঘোষণা (Financial aid to Charideo fire tragedy victim's family) ৷ শিশুকেইগৰাকীৰ পৰিয়াললৈ চাৰি লাখ টকাকৈ আৰ্থিক সাহাৰ্য ঘোষণা মন্ত্ৰী যোগেন মহনৰ ৷ উল্লেখ্য যে, চৰাইদেউ জিলাৰ মৰাণহাট আৰক্ষী থানাৰ চেপন আৰক্ষী চকীৰ অন্তৰ্গত ডোমৰ দলং চাহ বাগিচাৰ বৰুৱাহোলা ডিভিজনৰ ১২ নম্বৰ লাইনত সংঘটিত হৈছে মৰ্মান্তিক ঘটনা (Tragic incident in Charideo) ।
জীৱন্তে অগ্নিদগ্ধ হৈ তিনিটাকৈ শিশুৰ কৰুণ মৃত্যু হোৱাৰ ঘটনাই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোত( Three child died in Charideo fire tragedy) । অগ্নিদগ্ধ হোৱা এটা নৰাৰ ঘৰত আৱদ্ধ হৈ এইদৰে প্ৰাণ হেৰুৱালে শিশু কেইটাই ৷ নিহত শিশু তিনিটা ক্ৰমে দিনেশ মুণ্ডাৰ পুত্ৰ বিভান মুণ্ডা (২), পোতকু মুণ্ডাৰ পুত্ৰ অনুদ মুণ্ডা(৫), বেনাম কৰুৱাৰ পুত্ৰ কহিনুৰ কৰুৱা (২.৫) বুলি জানিব পৰা গৈছে ।