মৰাণ, ১২ জানুৱাৰী :চৰকাৰী বিদ্যালয় সমূহলৈ পৰ্যাপ্ত পৰিমাণৰ চাউল যোগান নধৰা বাবে ছাত্ৰ-ছাত্ৰীসকলক মধ্যহ্ন ভোজনৰ দিব নোৱাৰাৰ অভিযোগ উত্থাপন হোৱা সময়ত চৰাইদেউৰ নগাহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শৌচাগাৰৰ টেংকিত উদ্ধাৰ মধ্যাহ্ন ভোজনৰ চাউল । ৰাজকোষৰ ধন ব্যয় কৰি চৰকাৰে ছাত্ৰ-ছাত্ৰীৰ মধ্যাহ্ন ভোজনৰ বাবে যোগান ধৰা চাউল গুদামৰ ভিতৰতে বস্তাই বস্তাই কেনেকৈ নষ্ট হ'বলৈ পালে তাক লৈ ৰহস্যৰ সৃষ্টি কৰিছে ।
উত্থাপিত অভিযোগ অনুসৰি ছাত্ৰ-ছাত্ৰীৰ বাবে অহা প্ৰয়োজনীয় চাউল সমূহ বিদ্যালয়খনত প্ৰধান শিক্ষক ৰঞ্জিত গগৈয়ে ছাত্ৰ- ছাত্ৰীক মধ্যাহ্ন ভোজনৰ ব্যৱস্থাৰ নকৰাৰ বাবে বহু চাউল পঁচি গৈছিল । লগতে বিদ্যালয়ৰ চাউলৰ গুদামৰ কুইন্টল কুইন্টল চাউলৰ বস্তা ৰৈ যোৱাত নিজৰ দোষ ঢাকিবলৈ প্ৰধান শিক্ষক গৰাকীয়ে কেইবা কুইন্টল চাউল বিদ্যালয়ৰ শৌচাগাৰৰ টেংকিত ভৰাই দিয়ে । বিদ্যালয়ত থকা অতিৰিক্ত চাউল সমূহ ছাত্ৰ- ছাত্ৰীৰ মাজত বিতৰণ কৰাৰ বাবে বিদ্যালয় পৰিচালনা সমিতিয়ে প্ৰধান শিক্ষকক আহ্বান জনোৱাৰ পাছতেই প্ৰধান শিক্ষক গৰাকীয়ে নিজৰ দুৰ্নীতি লুকোৱাবৰ বাবেই এই ঘটনা সংঘটিত কৰা বুলি অভিযোগ উত্থাপিত হৈছে ।