অসম

assam

ETV Bharat / state

Assam Arunachal Border issue : সোণাৰিত সীমা বিবাদ সন্দৰ্ভত দুয়োখন ৰাজ্যৰ চতুৰ্থ লানি বৈঠক - অসম অৰুণাচলৰ সীমা সমস্যা

দেওবাৰে সোণাৰিত অনুষ্ঠিত হয় অসম-অৰুণাচল প্ৰদেশৰ সীমা বিবাদ সন্দৰ্ভত দুয়োখন ৰাজ্যৰ চতুৰ্থ লানি বৈঠক (Meeting between Ministers of Assam and Arunachal at Sonari)৷ উক্ত বৈঠকত অসম চৰকাৰৰ মন্ত্ৰীদ্বয় অতুল বৰা, বিমল বড়া, সাংসদ তপন কুমাৰ গগৈ, সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ লগতে অৰুণাচল প্ৰদেশৰ মন্ত্ৰী হনচুম নাংডাম, কাণুবাৰীৰ বিধায়ক গ্ৰেবিয়েল ডি ৱাংচু, পাংপু ৱাংনামৰ লগতে চৰাইদেউ আৰু অৰুণাচল প্ৰদেশৰ কাণুবাৰী জিলাৰ প্ৰশাসনিক বিষয়াসকল উপস্থিত থাকে ।

Assam Arunachal Border issue
সোণাৰিত অসম-অৰুণাচলৰ সীমা বিবাদ সন্দৰ্ভত দুয়োখন ৰাজ্যৰ চতুৰ্থ লানি বৈঠক

By

Published : Oct 31, 2022, 2:01 PM IST

ডিব্ৰুগড়, 31 অক্টোবৰ :অৰুণাচলৰ সৈতে দীৰ্ঘদিন ধৰি চলি অহা অসমৰ সীমা সমস্যা শীঘ্ৰেই সমাধানৰ দিশে (Assam Arunachal Pradesh border dispute) । ইতিমধ্যে দুইখন চৰকাৰৰ মুখ্যমন্ত্ৰী ক্ৰমে ড॰ হিমন্ত বিশ্ব শৰ্মা আৰু পেমা খাণ্ডুৱে সীমা সমস্যাক লৈ বহুবাৰ আলোচনাত মিলিত হৈছে ।

দুই ৰাজ্যৰ মাজত ৰাজনৈতিকভাৱে সু-সম্পৰ্ক আছে যদিও অসম অৰুণাচলৰ সীমাত কিছু কিছু সময়ত বিভিন্ন বিষয়ক লৈ সৃষ্টি হোৱা সংঘাটক লৈ চিন্তিত অসম চৰকাৰ । সেয়ে অসম অৰুণাচলৰ মাজত চলি থকা দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ বাট এখোজ আগুৱাই নিয়াৰ উদ্দেশ্যে দেওবাৰে নিশা অসম-অৰুণাচলৰ সীমা বিবাদ সমাধানৰ (Assam Arunachal Border issue) বাবে সোণাৰিত অনুষ্ঠিত হয় অসম-অৰুণাচল প্ৰদেশৰ সীমা বিবাদ সন্দৰ্ভত দুয়োখন ৰাজ্যৰ চতুৰ্থ লানি বৈঠক ।

সোণাৰিত অসম-অৰুণাচলৰ সীমা বিবাদ সন্দৰ্ভত দুয়োখন ৰাজ্যৰ চতুৰ্থ লানি বৈঠক

চৰাইদেউ জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত দুয়োখন ৰাজ্যৰ মন্ত্ৰী তথা প্ৰশাসনিক বিষয়াসকলৰ সৈতে আয়োজিত হয় উক্ত বৈঠকখন ।

লগতে পঢ়ক :Assam Arunachal Border: অসম অৰুণাচলৰ সীমা সমস্যাক লৈ পীযুষ হাজৰিকা পেমা খাণ্ডুৰ বৈঠক

বৈঠকত অসম চৰকাৰৰ মন্ত্ৰীদ্বয় অতুল বৰা, বিমল বড়া, সাংসদ তপন কুমাৰ গগৈ, সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ লগতে অৰুণাচল প্ৰদেশৰ মন্ত্ৰী হনচুম নাংডাম, কাণুবাৰীৰ বিধায়ক গ্ৰেবিয়েল ডি ৱাংচু, পাংপু ৱাংনামৰ লগতে চৰাইদেউ আৰু অৰুণাচল প্ৰদেশৰ কাণুবাৰী জিলাৰ প্ৰশাসনিক বিষয়াসকল উপস্থিত থাকে (Meeting between Ministers of Assam and Arunachal at Sonari) ।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে 26 আগষ্টত অৰুণাচল প্ৰদেশৰ কাণুবাৰী, 8 চেপ্তেম্বৰত অসমৰ চৰাইপুঙ আৰু 11 অক্টোবৰত সোণাৰিত দুয়োখন ৰাজ্যৰ দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত হৈছিল । এই গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰি মন্ত্ৰী অতুল বৰাই কয়, অসম অৰুণাচলৰ সীমা সমস্যা কেৱল চৰাইদেউতে নহয় সীমামুৰীয়া কেইবাখনো জিলাত এই সমস্যা আছে ।

সীমা সমস্যাক লৈ গঠন হোৱা কমিটীসমূহে সকলো বিষয় চালি জাৰি চাই দুই ৰাজ্যৰ চৰকাৰৰ লগত আলোচনা কৰা হৈছে। এই দীৰ্ঘদিনীয়া সমস্যাটো সমাধানত সময় লাগিব যদিও বহু জটিলতা ইতিমধ্যে নোহোৱা হৈছে । ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু পেমা খাণ্ডুৰ প্ৰচেষ্টাত এই সমস্যা সমাধান হ’ব বুলিও মন্ত্ৰী অতুল বৰাই জানিবলৈ দিয়ে ।

লগতে পঢ়ক :Assam tourism: শিৱসাগৰলৈ আহি অভিভূত এটা বিদেশী দম্পত্তি

ABOUT THE AUTHOR

...view details