অসম

assam

চৰাইদেউৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত ব্যাপক কেলেংকাৰী

By

Published : Oct 8, 2021, 1:45 PM IST

ৰাজ্যত দালাল বিৰোধী অভিযান অব্যাহত আছে । বিশেষকৈ মাটিৰ দালালৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে প্ৰশাসন । কিন্তু খোদ ৰাজহ মন্ত্ৰীৰ গৃহ জিলাতে ব্যাপক কেলেংকাৰীৰ তথ্য পোহৰলৈ আহিছে ।

Circle Office
চৰাইদেউৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত ব্যাপক কেলেংকাৰী

মৰাণ,৮ অক্টোবৰ :ৰাজ্যত দালালৰ বিৰুদ্ধে চলা অভিযানৰ সময়তে ৰাজহ মন্ত্ৰী যোগেন মহনৰ গৃহ জিলা চৰাইদেউত পোহৰলৈ আহিছে কেলেংকাৰীৰ এক ভয়ংকৰ তথ্য। চৰাইদেউ জিলাৰ সাপেখাতী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত সংঘটিত হৈছে ব্যাপক কেলেংকাৰী । জালিয়াতিৰে মাটি বিক্ৰী আৰু নামজাৰি কৰাৰ অভিযোগ উত্থাপিত হৈছে দালাল চক্ৰৰ বিৰুদ্ধে ।

চৰাইদেউৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত ব্যাপক কেলেংকাৰী

২০১৬ চনৰ পৰা ২০১৯ চনলৈকে সাপেখাতী ৰাজহ চক্ৰৰ পৰা চৰাইদেউ জিলা উপায়ুক্তলৈ ৩৮৪ টা আবেদন কৰা হৈছিল । কিন্তু উপায়ুক্ত কাৰ্যালয়ে ইয়াৰে কিমানক বিক্ৰীৰ অনুমতি (Sale Permission) প্ৰদান কৰিলে তাৰ কোনো তথ্য নাই বিভাগটোৰ হাতত । আনহাতে, এই সময়চোৱাত সাপেখাতী ৰাজহ চক্ৰত ২,৫৮১ টা মাটি বিক্ৰী আৰু নামজাৰি হোৱাৰ তথ্য প্ৰকাশ হৈছে ।

উপায়ুক্তৰ কাৰ্যালয়ত কোনো ধৰণৰ তথ্য নথকাকৈ কেনেদৰে মাটি বিক্রী আৰু নামজাৰি হ'ল এই সন্দৰ্ভত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ । তথ্য জনা অধিকাৰ আইনৰ জৰিয়তে এই সমগ্ৰ বেমেজালি পোহৰলৈ অহাৰ পাছতে কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতিৰ চৰাইদেউ জিলা সমিতিয়ে বিষয়টোৰ তদন্তৰ দাবী জনাইছে ।

উচিত তদন্তৰ দাবীত চৰাইদেউ জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক (Himanta Biswa Sarma) স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতিয়ে । লগতে চৰাইদেউ জিলাৰ সোণাৰি, সাপেখাতী আৰু মাহমৰা এই তিনিটা ৰাজহ চক্ৰৰ কাৰ্যালয়ত মুখ্যমন্ত্ৰী তদাৰকী শাখাৰ জৰিয়তে তদন্ত কৰিবলৈ দাবী জনাইছে ।

লগতে পঢ়ক :বিদ্যালয়সমূহক ৰাজনৈতিক হস্তক্ষেপৰ পৰা মুক্ত কৰাৰ দাবী AJYCPৰ

ABOUT THE AUTHOR

...view details