অসম

assam

ETV Bharat / state

সোণাৰিত হস্ত নিৰ্মিত বন্দুকসহ এজন অৰুণাচলী যুৱক গ্ৰেপ্তাৰ - man of arunachal arrested

অপৰাধ অপৰাধীৰ বিৰুদ্ধে সষ্টম ৰাজ্যৰ আৰক্ষী । পুনৰ সোণাৰিত আৰক্ষীয়ে অস্ত্ৰসহ গ্ৰেপ্তাৰ কৰে এজন লোকক(Arunachal youth arrested with weapon) । এটা হস্তনিৰ্মিত বন্দুকসহ গ্ৰেপ্তাৰ কৰে এজন অৰুণাচলী লোকক(Man of arunachal arrested) ।

a person of arunachal arrested
সোণাৰিত হস্ত নিৰ্মিত বন্দুকসহ এজন অৰুণাচলী যুৱক গ্ৰেপ্তাৰ

By

Published : Aug 24, 2022, 1:47 PM IST

Updated : Aug 24, 2022, 2:28 PM IST

চৰাইদেেউ,২৪ আগষ্ট: চৰাইদেউ জিলাৰ সোণাৰিত অস্ত্ৰৰ ঝনঝননি । বুধবাৰে পুৱা আৰক্ষীয়ে সোণাৰিত এটা হস্ত নিৰ্মিত বন্দুকসহ গ্ৰেপ্তাৰ কৰে এজন অৰুণাচলী যুৱকক(Man of arunachal arrested) । পুৱাৰভাগত সোণাৰি আৰক্ষীয়ে সোণাৰি বাছ আস্থানত এটি হস্ত নিৰ্মিত বন্দুকসহ অৰুণাচল প্ৰদেশৰ লংডিং জিলাৰ ৱাকা আৰক্ষী থানাৰ কাইময়ৰ বাসিন্দা পানমাই ৱাংছাক গ্ৰেপ্তাৰ কৰে ।

সোণাৰিত হস্ত নিৰ্মিত বন্দুকসহ এজন অৰুণাচলী যুৱক গ্ৰেপ্তাৰ

যুৱকজনক গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে । যুৱকজনে কি কাৰণত অৰুণাচলৰ পৰা হস্ত নিৰ্মিত বন্দুকসহ সোণাৰিলৈ আহিছিল সেই বিষয়ে জানিব পৰা হোৱা নাই । উল্লেখযোগ্য যে চৰাইদেউ জিলাৰ অসম অৰুণাচল সীমাত প্ৰায়েই আৰক্ষীৰ জালত পৰে অস্ত্ৰ সৰবৰাহকাৰী ।

হস্ত নিৰ্মিত বন্দুকটো কোনো লোকক বিক্ৰী কৰিবলৈ অনা বুলিও সন্দেহ প্ৰকাশ কৰিছে আৰক্ষী আৰু সচেতন লোকে । আৰক্ষীৰ তদন্তত হে প্ৰকৃত কাৰণ জানিব পৰা যাব ।

লগতে পঢ়ক:অসমত সৰ্প দংশনৰ উপযুক্ত চিকিৎসা প্ৰদানত ব্যৰ্থ স্বাস্থ্য বিভাগ

Last Updated : Aug 24, 2022, 2:28 PM IST

ABOUT THE AUTHOR

...view details