অসম

assam

By

Published : Sep 3, 2022, 5:05 PM IST

ETV Bharat / state

সোণাৰিৰ জৱকা হাবি গাঁৱত বন্য হস্তীৰ তাণ্ডৱ

সোণাৰিত বন্য হস্তীৰ তাণ্ডৱ (Man elephant conflict at Sonari) ৷ অভয়পুৰ বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত নামি অহা প্ৰায় 30 জনীয়া বনৰীয়া হাতীৰ এটা বৃহৎ জাকে সোণাৰিত লণ্ডভণ্ড কৰে বাসগৃহ ৷

Man elephant conflict at Sonari
সোণাৰিৰ জৱকা হাবি গাঁৱত বন্য হস্তীৰ তাণ্ডৱ

ডিব্ৰুগড়, 3 ছেপ্টেম্বৰ :ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত ৷ এইবাৰ চৰাইদেউ জিলাৰ সোণাৰিত বন্য হস্তীয়ে চলালে তাণ্ডৱ লীলা (Man elephant conflict at Sonari) । সোণাৰি নগৰৰ সমীপৱৰ্তী জৱকা হাবি গাঁৱত বনৰীয়া হাতীয়ে ভাঙি লণ্ডভণ্ড কৰে বাসগৃহ ।

উল্লেখ্য যে, অভয়পুৰ বনাঞ্চলৰ পৰা নামি আহিছিল প্ৰায় 30 হাতীৰ এটা জাক ৷ হাতীৰ এই জাকটোৱে শনিবাৰে পুৱতি নিশা সোণাৰি নগৰৰ সমীপৱৰ্তী জৱকা হাবি গাঁৱত ভাঙি লণ্ডভণ্ড কৰে অল্পনা নাইডু নামৰ মহিলাগৰাকীৰ বাসগৃহ (Elephant menace at Sonari) । তাৰ পাচতেই ঘটনা সন্দৰ্ভত খবৰ দিয়া হয় বন বিভাগৰ লোকক ৷

সোণাৰিৰ জৱকা হাবি গাঁৱত বন্য হস্তীৰ তাণ্ডৱ

কিন্তু বাতৰি যুগুত কৰা পৰলৈকে ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত নোহোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷

যাৰ ফলত বন বিভাগৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰে ভুক্তভোগী পৰিয়ালটো ৷ ভুক্তভোগী পৰিয়ালটোৱে উল্লেখ কৰা অনুসৰি, প্ৰতিবছৰেই বনৰীয়া হাতীয়ে তেওঁলোকৰ বাসগৃহ অনিষ্ট কৰি আহিছে (Wild elephant Terror at Sonari)। এই সন্দৰ্ভত প্ৰতিবাৰেই চৰকাৰক আবেদন নিবেদন কৰাৰ পাচতো কোনো সদুত্তৰ লাভ কৰা নাই দুৰ্ভগীয়া পৰিয়ালটোৱে ।

উল্লেখ্য যে, সোণাৰিত প্ৰায়ে বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই আহিছে ৷ আনকি কেইটামান দিনৰ পূৰ্বে সোণাৰিত কৃষকৰ খেতি পথাৰ নষ্ট কৰিছিল বনৰীয়া হাতীৰ এটা জাকে (Paddy field destroyed by wild elephant) । কিন্তু এইক্ষেত্ৰত বন বিভাগ কিম্বা বিভাগীয় কৰ্তৃপক্ষই কোনো ব্যৱস্থা গ্ৰহণ কৰা নকৰাৰ অভিযোগ এতিয়া উত্থাপিত হৈছে ৷

লগতে পঢ়ক :বনৰীয়া হাতীৰ তাণ্ডৱৰ বাবে মূৰে কঁপালে হাত দিছে সোণাৰিৰ কৃষকে

ABOUT THE AUTHOR

...view details