মৰাণ, 9 জানুৱাৰী :ৰাজ্যত ক’ভিড আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পোৱাত চৰকাৰে জাৰি কৰিছে নতুন SOP (New SOP by Assam Government) ৷ নতুন SOP মানি চলিবলৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰিছে কঠোৰ নিৰ্দেশ ৷ এই নিয়ম বান্ধি দিয়াৰ পিছতে এতিয়া বহুতে বিষয়টোকলৈ তীব্ৰ সমালোচনা কৰিছে চৰকাৰক ৷ সম্প্ৰতি ইয়াক লৈ সৰৱ হৈছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণ জ্যোতি গগৈ ৷
চৰকাৰৰ মন্ত্ৰী-বিধায়কে শ শ মানুহ লৈ বনভোজ খাই থাকি বিহুক লৈ ক'ভিড SOP জাৰি কৰাটো হাস্যকৰ বুলি মন্তব্য জাতীয়তাবাদী শিবিৰৰ নেতা গৰাকীৰ (Lurin Jyoti gogoi reacting on SOP in Uruka) ৷ চৰাইদেউ জিলাৰ অন্তৰ্গত মাহমৰা সমষ্টিৰ খুমটাই চাহ বাগিচা ৰাজহুৱা প্ৰেক্ষাগৃহত দেওবাৰে অসম জাতীয় পৰিষদৰ মাহমৰা সমষ্টি সমিতিৰ বাৰ্ষিক অধিৱেশনত উপস্থিত থাকি নেতা গৰাকীয়ে সাংবাদিকৰ আগত কৰিলে এই মন্তব্য ৷