শিৱসাগৰ,4আগষ্টঃ চৰাইদেউ জিলাৰ সদৰ সোণাৰিত প্ৰতিবন্ধী আৰু আশ্ৰয়হীন শিশু সকলৰ আশ্ৰয় গৃহ নথকাত শিৱসাগৰ জিলাৰ অন্যতম শিশুগৃহ "কৌমুদালয়"ৰ উদ্যোগত সোমবাৰে সোণাৰিত শিশুৰ এটা অস্থায়ী আশ্ৰয়গৃহ মুকলি কৰা হয়। চৰাইদেউ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপত স্থাপন কৰা ''কাব্যালয়'' নামৰ শিশুগৃহটিত বৰ্তমান ৬ টা শিশুক আশ্ৰয় দিব পৰা যাব বুলি কৰ্তৃপক্ষই জানিবলৈ দিয়ে ।
সোণাৰিত কৌমুদালয়ৰ শিশুগৃহ উদ্বোধন
সোণাৰিত আশ্ৰয়হীন শিশুৱে পাব আশ্ৰয়। শিৱসাগৰস্থিত কৌমুদালয়ৰ শিশু গৃহ অধীনত সোণাৰিত ''কাব্যালয়'' নিমৰ শিশু গৃহ মুকলি ৷
সোণাৰিত কৌমুদালয়ৰ শিশুগৃহ উদ্বোধন
ইপিনে কৌমুদালয়ৰ সম্পাদিকা ৰুণজুন চুতীয়াৰ তত্বাৱধানত নিৰ্মাণ কৰা এই শিশুগৃহটি উদ্বোধন কৰে চৰাইদেউ জিলাৰ অতিৰিক্ত উপায়ুক্ত প্ৰণৱ কুমাৰ বৰাই। আনহাতে চৰাইদেউ জিলাত ক'ভিড-১৯ৰ সংক্ৰমণ বৃদ্ধি পাই অহাত শিশু সকলৰ স্বাৱ টেষ্ট কৰাৰ পাছত ফলাফল ঘোষণা হোৱা পৰ্যন্ত এই বিশেষ আশ্ৰয় প্ৰদানৰ ব্যৱস্থা কৰিছে শিশু গৃহটোৰ কৰ্তৃপক্ষই ।
লগতে পঢ়কঃ কাছাৰৰ কাটাখাল ফেৰিঘাটত কুৰুক্ষেত্ৰ যজ্ঞ