অসম

assam

By

Published : Oct 18, 2021, 7:19 PM IST

ETV Bharat / state

কাতি বিহু উপলক্ষে তুলসী পুলি বিতৰণ চৰাইদেউ জিলাৰ মহিলা মৰ্চাৰ

শনিবাৰে ৰাজ্যবাসীয়ে পালন কৰে কঙালী বিহু তথা কাতি বিহু ৷ কাতি বিহু উপলক্ষে দিনজোৰা কাৰ্যসূচীৰে ব্যস্ত হৈ পৰা দেখা গ'ল চৰাইদেউ জিলাৰ মহিলা সকলকো ৷ সেই অনুসৰি কাতি বিহু উপলক্ষে তুলসী পুলি বিতৰণৰ এক কাৰ্যসূচী গ্ৰহণ কৰে বিজেপিৰ মহিলা মৰ্চাৰ চৰাইদেউ জিলা সমিতিয়ে ৷

kati bihu celebrate in  Charaideo
কাতি বিহু উপলক্ষে তুলসী পুলি বিতৰণ চৰাইদেউ জিলাৰ মহিলা মৰ্চাৰ

চৰাইদেউ, 18 অক্টোবৰ :শনিবাৰে ৰাজ্যবাসীয়ে পালন কৰে কঙালী বিহু তথা কাতি বিহু ৷ কাতি বিহু উপলক্ষে দিনজোৰা কাৰ্যসূচীৰে ব্যস্ত হৈ পৰা দেখা গ'ল চৰাইদেউ জিলাৰ মহিলা সকলকো ৷ সেই অনুসৰি কাতি বিহু উপলক্ষে তুলসী পুলি বিতৰণৰ এক কাৰ্যসূচী গ্ৰহণ কৰে বিজেপিৰ মহিলা মৰ্চাৰ চৰাইদেউ জিলা সমিতিয়ে ৷

তুলসী পুলি বিতৰণৰ জৰিয়তে বিহুৰ পৰম্পৰা ৰক্ষা কৰিবলৈ সকলোৰে প্ৰতি আহ্বান জনাই মহিলা মৰ্চা নেত্ৰী-কৰ্মীসকলে ৷ প্ৰত্যেক ঘৰে ঘৰে এটাকৈ তুলসী পুলি বিতৰণ কৰে চৰাইদেউ জিলাৰ মহিলা মৰ্চাই ৷ ইয়াৰ লগতে কাতি বিহুৰ যে এক বৈজ্ঞানিক ভিত্তি আছে সেই কথাও ৰাইজৰ মাজত প্ৰচাৰৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰে মহিলা মৰ্চাৰ কৰ্মীসকলে ৷

কাতি বিহু উপলক্ষে তুলসী পুলি বিতৰণ চৰাইদেউ জিলাৰ মহিলা মৰ্চাৰ

ইফালে, মথুৰাপুৰ চ'ছিয়েল ৱেলফেয়াৰ গ্ৰুপৰ উদ্যোগতো কাতি বিহুৰ দিনাই ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰা হয় । মথুৰাপুৰ উজনি কোঁৱৰ গাঁৱৰ শতাধিক পৰিয়ালৰ মাজত মাটিৰ চাকি আৰু তুলসী পুলি বিতৰণ কৰে মথুৰাপুৰ চ'ছিয়েল ৱেলফেয়াৰ গ্ৰুপৰ সদস্য সকলে ৷ উক্ত কাৰ্যসূচীত উপস্থিত থাকে সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ লগতে বহু কেইজন বিশিষ্ট ব্যক্তি ।

লগতে পঢ়ক:অখিল গগৈক ভোট দি ভুল কৰিছিল নেকি শিৱসাগৰ বাসীয়ে ?

ABOUT THE AUTHOR

...view details