অসম

assam

ETV Bharat / state

সোণাৰিত জব্দ অবৈধ চোৰাং কাঠ : আটক 3 সৰবৰাহকাৰী - সাপেখাতী আৰক্ষী

মঙলবাৰে নিশা চৰাইদেউ জিলাৰ সোণাৰিৰ সাপেখাতীত চোৰাং কাঠসহ এখন টাটা ডি আই গাড়ী জব্দ কৰা হয় ৷ অৰুণাচল প্ৰদেশৰ লংডিঙৰ পৰা সাপেখাতীলৈ চোৰাংভাৱে AS23AC9891 নম্বৰৰ এখন টাটা ডি আই গাড়ীত আনি থকা অৱস্থাতে জব্দ কৰে সাপেখাতী আৰক্ষীয়ে ৷

illigal-wood-seized-at-sonari
চৰাইদেউৰ সোণাৰিত জব্দ অবৈধ চোৰাং কাঠঃআটক 3 সৰবৰাহকাৰী

By

Published : Dec 9, 2020, 11:32 AM IST

শিৱসাগৰ,9 ডিচেম্বৰঃমঙলবাৰে নিশা চৰাইদেউ জিলাৰ সোণাৰিৰ সাপেখাতীত চোৰাং কাঠসহ এখন টাটা ডি আই গাড়ী জব্দ কৰা হয় ৷ অৰুণাচল প্ৰদেশৰ লংডিঙৰ পৰা সাপেখাতীলৈ চোৰাংভাৱে AS23AC9891 নম্বৰৰ এখন টাটা ডি আই গাড়ীত আনি থকা অৱস্থাতে জব্দ কৰে সাপেখাতী আৰক্ষীয়ে ৷ তদুপৰি অৰুণাচল প্ৰদেশৰ ৱাংনাম ৱাংচু, গেমলিয়ান গেংচা আৰু নকৱাং ৱাংচুক নামৰ তিনিজনকৈ চোৰাং সৰবৰাহকাৰীকো আটক কৰে আৰক্ষীয়ে ৷

ইপিনে, চোৰাং কাঠসমূহ অবৈধভাৱে অৰুণাচলৰ পৰা আনি কাক যোগান ধৰিব আহিছিল সেইয়া বৰ্তমানেও জানিব পৰা হোৱা নাই ৷ উল্লেখ্য যে, প্ৰতি নিশাই গাড়ীয়ে গাড়ীয়ে অৰুণাচল প্ৰদেশৰ পৰা বিভিন্ন প্ৰান্তলৈ চলি আছে চোৰাং কাঠৰ অবৈধ সৰবৰাহ ৷ কিন্তু কুম্ভকৰ্ণৰ নিদ্ৰাত মগ্ন বন বিভাগ ৷ ৰাইজৰ অভিযোগ, একাংশ অসাধু ব্যৱসায়ীয়ে বন বিভাগৰ একাংশ বিষয়াক বুজন পৰিমাণৰ ধনৰাশি প্ৰদান কৰি বনাঞ্চল ধ্বংসযজ্ঞ চলাই কৰি আহিছে ৰমৰমীয়া ব্যৱসায় ৷

লগতে পঢ়কঃ19 বাংলাদেশীক পাৰাদ্বীপৰ পৰা উদ্ধাৰ ভাৰতীয় উপকূলৰক্ষীৰ

ABOUT THE AUTHOR

...view details