মৰাণ,২৫ ডিচেম্বৰ :ৰাজ্যত চলি থকা অবৈধ কাৰ্যকলাপৰ বিৰুদ্ধে বিভিন্ন সময়ত কঠোৰ স্থিতি গ্ৰহণ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । অবৈধ কাৰ্যকলাপ বন্ধ কৰাৰ বাবে ইতিমধ্যে বিভিন্ন ধৰণৰ নিৰ্দেশনাও জাৰি কৰিছে ৰাজ্য চৰকাৰে । কিন্তু মুখ্যমন্ত্ৰীগৰাকীৰ এনে কঠোৰ স্থিতিৰ মাজতো ৰাজ্যত একাংশ দুষ্টচক্ৰই অবৈধ কাৰ্যকলাপ অব্যাহত ৰাখিছে । বিভিন্ন স্থানত পাহাৰ ধ্বংসৰ লগতে একাংশ লোকে অবৈধ শিল খননত জড়িত হোৱা দেখা গৈছে ।
বন বিভাগৰ চকুৰ সন্মুখতে এনে কাৰ্যকলাপ অসমৰ ভিন্ন প্ৰান্তৰ লগতে চৰাইদেউ জিলাতো অব্যাহত আছে । অভিযোগ অনুসৰি বন বিভাগৰ বিষয়া-কৰ্মচাৰীক মেনেজ কৰি একাংশ শিল মাফিয়াই চৰাইদেউ জিলাত অবাধে চলাইছে শিলৰ ৰমৰমীয়া বেহা (Illegal stone mining at Charaideo)। বৰহাট আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত পাণবাৰী আৰু দিল্লীঘাটত নীতি বহিৰ্ভূতভাৱে দিনে-নিশাই চলিছে শিল খনন কাৰ্য ।