মৰাণ, 13 জানুৱাৰী:মধ্যাহ্ন ভোজনৰ চাউল শৌচাগাৰৰ টেংকিত পুতি নিলম্বিত হ’ল চৰাইদেউৰ নগাহাট উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰঞ্জিত গগৈ ৷ চৰাইদেউৰ নগাহাট উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰঞ্জিত গগৈক নিলম্বন কৰে জিলা প্ৰশাসনে ৷ উত্থাপিত অভিযোগ অনুসৰি মধ্যাহ্ন ভোজনৰ চাউল শৌচাগাৰৰ টেংকিত পুতিছিল প্ৰধান শিক্ষকগৰাকীয়ে ৷ এই খবৰ সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পাছত চৰাইদেউ জিলা প্ৰশাসনে নিলম্বনৰ নিৰ্দেশ প্ৰধান কৰে প্ৰধান শিক্ষক ৰঞ্জিত গগৈক ।
উল্লেখযোগ্য যে চৰকাৰী বিদ্যালয়সমূহলৈ পৰ্যাপ্ত পৰিমাণৰ চাউল যোগান নধৰাৰ বাবে ছাত্ৰ-ছাত্ৰী সকলক মধ্যাহ্ন ভোজন যোগানৰ ক্ষেত্ৰত অসুবিধা হোৱাৰ সময়তে চৰাইদেউৰ নগাহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শৌচাগাৰৰ টেংকিত উদ্ধাৰ কৰা হয় মধ্যাহ্ন ভোজনৰ চাউল । অভিযোগ অনুসৰি ছাত্ৰ-ছাত্ৰীৰ বাবে অহা প্ৰয়োজনীয় চাউল বিদ্যালয়খনৰ প্ৰধান শিক্ষক ৰঞ্জিত গগৈয়ে ছাত্ৰ ছাত্ৰীক প্ৰদানৰ ব্যৱস্থা নকৰাৰ বাবে বহু চাউল পচি গৈছিল ।