অসম

assam

ETV Bharat / state

Felicitation programme in Sonari: সোণাৰি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত অভিনন্দন অনুষ্ঠান - সোণাৰি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত অভিনন্দন অনুষ্ঠান

সদ্যঘোষিত উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ সোণাৰিলৈ গৌৰৱ কঢ়িয়াই অনা ছাত্ৰ-ছাত্ৰীসকলক সোণাৰি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত সম্বৰ্ধনা জ্ঞাপন কৰা হয়(AASU felicitates meritorious students) । সোণাৰি মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত শুকুৰবাৰে অনুস্থিত হয় এই অনুষ্ঠান ।

greetings to merit students by aasu at sonari
Felicitation programme in Sonari: সোণাৰি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত অভিনন্দন অনুষ্ঠান

By

Published : Jul 23, 2022, 12:24 PM IST

সোণাৰি,২৩ জুলাই:সোণাৰি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত সোণাৰি মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত শুকুৰবাৰে বিশেষ অভিনন্দন অনুষ্ঠান আয়োজন কৰা হয়(AASU felicitates meritorious students) । সদ্যঘোষিত উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ সোণাৰিলৈ গৌৰৱ কঢ়িয়াই অনা ছাত্ৰ-ছাত্ৰী সকলক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে আয়োজন কৰা হয় এই অভিনন্দন অনুষ্ঠানৰ ।

সোণাৰি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত অভিনন্দন অনুষ্ঠান

চৰাইদেউ জিলাৰ উপায়ুক্ত পল বৰুৱা মুখ্য অতিথি হিচাপে উপস্থিত থকা অভিনন্দন অনুষ্ঠানটো উদ্বোধন কৰে সোণাৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বিমল চন্দ্ৰ গগৈয়ে । চৰাইদেউ জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক সবিতা দাস, সোণাৰি কমাৰ্চ কলেজৰ অধ্যক্ষ ড° বিপুল দে, সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য অনিল গগৈ, সমাজকৰ্মী হেমন্ত কুমাৰ গদুকা বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে উক্ত অনুষ্ঠানত ।

এই অনুষ্ঠানতে সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক প্ৰশান্ত দত্তই সদৌ অসম ছাত্ৰ সন্থাৰ দৃষ্টিভংগী ব্যাখ্যা কৰে । অনুষ্ঠানত ষ্টাৰ আৰু ডিষ্টিংচন নম্বৰসহ সুখ্যাতিৰে উত্তীৰ্ণ হোৱা সোণাৰিৰ ১৮৪ গৰাকী ছাত্ৰ-ছাত্ৰীক অভিনন্দন জ্ঞাপন কৰা হয় ।

লগতে পঢ়ক:Arunachal Pradesh workers missing : অৰুণাচলত অসমৰ ৭ শ্ৰমিকক জীৱন্তে উদ্ধাৰ

For All Latest Updates

ABOUT THE AUTHOR

...view details