অসম

assam

ETV Bharat / state

Fake financial company: অসম বহুমুখী সমবায় সমিতি লিমিটেডত ধন সঞ্চয় কৰি হাহাকাৰ গ্ৰাহকৰ - গ্ৰাহকক লুণ্ঠন

অসম বহুমুখী সমবায় সমিতি লিমিটেডত ধন সঞ্চয় কৰি হাহাকাৰ লাগিছে গ্ৰাহকৰ ৷ গ্ৰাহকক লুণ্ঠন কৰি পলায়ন অসম বহুমুখী সমবায় সমিতি লিমিটেডৰ ৷ লাখ লাখ টকা সংগ্ৰহ কৰি বন্ধ চৰাইদেউৰ চফ্ৰাইৰ কাৰ্যালয় ৷

Fraud by financial company at Safrai
গ্ৰাহকক লুণ্ঠন কৰি পলায়ন বিত্তীয় প্ৰতিষ্ঠানৰ

By ETV Bharat Assamese Team

Published : Nov 13, 2023, 5:34 PM IST

ধন সঞ্চয় কৰি হাহাকাৰ গ্ৰাহকৰ

ডিব্ৰুগড়, 13 নৱেম্বৰ : ৰাইজক অধিক লাভ দেখুৱাই ৰাজ্যত গঢ়ি উঠিছে একাংশ ভুৱা বিত্তীয় প্ৰতিষ্ঠান ৷ এই ভুৱা বিত্তীয় প্ৰতিষ্ঠান সমূহত ধন সঞ্চয় কৰি সৰ্বস্বান্ত হৈছে হাজাৰ হাজাৰ গ্ৰাহক ৷ তেনে সময়তে পোহৰলৈ আহিছে এটা বিত্তীয় প্ৰতিষ্ঠানৰ প্ৰৱঞ্চনাৰ খবৰ ৷

গ্ৰাহকে জমা কৰা লাখ লাখ টকা আত্মসাৎ কৰি পলায়ন কৰাৰ অভিযোগ উঠিছে বিত্তীয় প্ৰতিষ্ঠানটোৰ কৰ্মচাৰীৰ বিৰুদ্ধে ৷ এই ঘটনা সংঘটিত হৈছে চৰাইদেউ জিলাৰ চফ্ৰাইত ৷ অভিযোগ অনুসৰি অসম বহুমুখী সমবায় সমিতি লিমিটেড নামৰ বিত্তীয় প্ৰতিষ্ঠানটোৱে গ্ৰাহকৰ জমাধন আত্মসাৎ কৰি পলায়ন কৰিছে অঞ্চলটোৰ পৰা ৷

জানিব পৰা অনুসৰি অসম বহুমুখী সমবায় সমিতি লিমিটেড নামৰ বিত্তীয় প্ৰতিষ্ঠানটোৱে চৰাইদেউ জিলাৰ চফ্ৰাই চাৰিআলিত 2019 বৰ্ষত এটা শাখা কাৰ্যালয় স্থাপন কৰি স্থানীয় ব্যৱসায়ী তথা ৰাইজৰ পৰা দৈনিক হাৰত ধন সংগ্ৰহ কৰি অহাৰ পিছতে 2023 চনৰ জানুৱাৰী মাহত ৰহস্যজনকভাৱে বন্ধ কৰি দিয়ে প্ৰতিষ্ঠানৰ কাৰ্যালয়টো ৷ বিগত দহটা মাহে বিত্তীয় প্ৰতিষ্ঠানটো বন্ধ হৈ থকাত ধন সঞ্চয় কৰা গ্ৰাহক ৰাইজে ধন ঘূৰাই পোৱাৰ ক্ষেত্ৰত সম্প্ৰতি অনিশ্চয়তাই দেখা দিছে ৷

বিগত চাৰিটা বছৰে অঞ্চলটোৰ কেইবা শতাধিক গ্ৰাহকৰ পৰা লাখ লাখ টকা সংগ্ৰহ কৰা বিত্তীয় প্ৰতিষ্ঠানটোৱে গ্ৰাহকৰ ধন উভতাই দিয়াৰ কোনো পদক্ষেপ গ্ৰহণ নকৰা কাৰ্যত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে ৷ বিত্তীয় প্ৰতিষ্ঠানটোত নিজৰ কষ্টোপাৰ্জিত ধন বিনিয়োগ কৰি এতিয়া হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ৰাইজৰ ৷ প্ৰতিষ্ঠানটোৰ পৰিচালক আৰু কৰ্মচাৰীৰ সৈতে যোগাযোগ কৰিও ধন ঘূৰাই পোৱাৰ ক্ষেত্ৰত কোনো সদুত্তৰ লাভ কৰা নাই গ্ৰাহক সকলে ৷ গ্ৰাহকৰ লাখে লাখে টকা আত্মসাৎ কৰা অসম বহুমুখী সমবায় সমিতি লিমিটেডৰ বিৰুদ্ধে চৰকাৰ তথা প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰিব সেইয়া হে লক্ষ্যণীয় হ'ব ৷

লগতে পঢ়ক :Dispur MLA Hostel Incident : বিধায়ক আৱাস চৌহদত সংঘটিত ঘটনাৰ ফৰেনচিকসহ উচিত তদন্তৰ দাবী বিৰোধী দলপতিৰ

ABOUT THE AUTHOR

...view details