শিৱসাগৰ, 11 এপ্ৰিল : চৰাইদেউ জিলাৰ সোণাৰিত সংঘটিত হৈছে এটা হৃদয় বিদাৰক ঘটনা ৷ সোণাৰিত বিষাক্ত কাঠফুলা খাই একেটা পৰিয়ালৰ চাৰিগৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো লোক গুৰুতৰভাৱে অসুস্থ হৈ চিকিৎসাধীন হ’বলগীয়া হৈছে ৷ মৃত ব্যক্তিসকলৰ নাম ক্ৰমে, ৰিমা কৰ্মকাৰ ( 35 ), অজয় কর্মকাৰ (10), ছয়নিকা কর্মকাৰ (12) আৰু জোনাকী প্ৰজা (32) বুলি জানিব পৰা গৈছে (Four died after eating mushroom) ।
ঘটনা অনুসৰি, সোণাৰিৰ পাশ্বৱৰ্তী 2 নং লালতিপথাৰ গাঁৱত বিগত 6 এপ্ৰিলত দুটা শিশুসহ 8 গৰাকী লোকে বিষাক্ত কাঠফুলা ভক্ষণ কৰি অসুস্থ হৈ পৰিছিল ৷ পৰৱৰ্তী সময়ত আটাইকেইজনকে সংকটজনক অৱস্থাত ডিব্ৰুগড় অসম মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল । পিছে দেওবাৰে নিশা চিকিৎসাধীন অৱস্থাতে আক্ৰান্তসকলৰ ভিতৰত দুগৰাকী মহিলা আৰু দুটি শিশুয়ে মৃত্যুক সাৱটি লয় ।