মৰাণ, 27 মাৰ্চ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সপোনৰ আঁচনি হ'ল জল জীৱন মিছন ৷ গ্ৰামাঞ্চলৰ ঘৰে ঘৰে প্ৰতিদিনে ন্যূনতম ৫৫ লিটাৰ বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ বাবে চৰকাৰে আৰম্ভ কৰিছিল জলজীৱন মিছন ৷ অসমত ইতিমধ্যে ২৪ লাখ বাসগৃহত সংযোগ কৰা হৈছে জল জীৱন মিছন ৷ জল জীৱন মিছন আচঁনিৰ যোগেদি অসমৰ প্ৰতিঘৰ মানুহে ২০২৪ চনৰ ভিতৰত বিশুদ্ধ খোৱা পানী পাব বুলি দাবী কৰি আহিছে ৰাজ্য চৰকাৰে (Jal Jeevan Mission in Assam) ৷
ঘৰে ঘৰে বিশুদ্ধ খোৱা পানী দিয়াৰ লক্ষ্যৰে এই আঁচনি কাৰ্যকৰী কৰা হৈছে । কিন্তু এই আঁচনিৰ কাম লেহেমীয়া হোৱাৰ কথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে । এটা দিনৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে এই আঁচনিৰ লগত জড়িত ঠিকাদাৰ অভিযন্তা সকলৰ লগত মিলিত হৈছিল গুৱাহাটীত । এই আঁচনি ৰূপায়ণত অলপো কৃপণালি নকৰিবলৈ অভিযন্তা, ঠিকাদাৰ সকলক কঠোৰ সকীয়নি দিছিল মুখ্যমন্ত্ৰী গৰাকীয়ে ।
ইয়াৰ পাচতেই যেন গা লৰিল সকলোৰে ৷ জল জীৱন মিছনৰ আঁচনিক লৈ মুখ্যমন্ত্ৰীৰ সকিয়নীৰ পাচতে মাহমৰাত জল জীৱন মিছনৰ আধাৰশিলা স্থাপন কৰিলে মন্ত্ৰী যোগেন মহনে । চৰাইদেউ জিলাৰ মাহমৰা বিধানসভা সমষ্টিৰ কোৰোকানি দেউৰী গাঁৱত দেওবাৰে জল জীৱন মিছনৰ অধীনত স্থাপন হ'বলগীয়া এটা আঁচনিৰ আধাৰশিলা স্থাপন কৰা হয় (Jal Jeevan Mission in Mahmora Constituency) ৷