মৰাণ, ৩১ ডিচেম্বৰ : বছৰৰ শেষৰ দিনটোত একাংশই বনভোজ খাই আনন্দ উল্লাস কৰা সময়ত চৰাইদেউত দেখা গ'ল এক ব্যতিক্ৰমী দৃশ্য় । এই দিনটোত চৰাইদেউৰ ঐতিহাসিক গৰৈমাৰি বিলত পল মাৰিবলৈ ওলাই আহিল ৰাইজ । অতীজৰ অসমীয়া সমাজ জীৱনত আছিল সমূহীয়া মাছ ধৰা পৰম্পৰা । বিহু ,নৱৰ্বষ আহিলে ৰাজহুৱা বিল, এৰাসুঁতি নদীত মাছ ধৰাটো পৰম্পৰা আছিল যদিও কালক্ৰমত হেৰাই গৈছে । ইয়াৰ মাজতে ঐতিহাসিক গৰৈমাৰি বিলত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ল পল মৰা প্ৰতিযোগিতা ।
একেলগে হাতে হাতে পল লৈ বিলত নামিছে শতাধিক লোক । ডেকা, বৃদ্ধ সকলোৱে পল মাৰিছে । কাৰোবাৰ পলত সোমাইছে বৰালী,আকৌ আন কাৰোবাৰ পলত সোমাইছে মিৰিকা,ৰৌ, বাহু আদি । এয়া এক প্ৰতিযোগিতা যদিও বছৰৰ শেষৰ দিনটোত সমূহীয়াকৈ পল মৰাৰ আনন্দ ল'লে এইসকল লোকে ।