মৰাণ, ১৫ ছেপ্টেম্বৰ :আত্মসহায়ক গোটৰ জৰিয়তে আত্মনিৰ্ভৰশীল হৈ সমাজলৈ অৱদান আগবঢ়াই অহা মহিলাসকলক উৎসাহ প্ৰদান কৰাৰ উদ্দেশ্যে ভাৰতীয় ষ্টেট বেংক, মৰাণ শাখাৰ উদ্যোগত তথা ভাৰতীয় ষ্টেট বেংকৰ তিলৈ আৰু খোৱাং শাখাৰ সহযোগত বুধবাৰে তিলৈ নগৰ গ্ৰাম্য প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় 'মোৰ বেংক : মোৰ আত্মসহায়ক গোট' শীৰ্ষক কাৰ্যসূচী (my bank my self help group programme in Dibrugarh) ।
আত্মনিৰ্ভৰশীলতাৰ নিদৰ্শন দেখুওৱাত আত্মসহায়ক গোটবোৰৰ ভূমিকা সমাজত অভূতপূর্ব । আত্মসহায়ক গোটসমূহক উৎসাহিত কৰাৰ উদ্দেশ্যৰে অনুষ্ঠিত উক্ত অনুষ্ঠানটিত ভাৰতীয় ষ্টেট বেংকৰ মৰাণ শাখাৰ মুখ্য প্ৰবন্ধক ঈপ্সিতা ভৌমিক, তিলৈ শাখাৰ শাখা প্ৰবন্ধক জ্ঞানদ্বীপ কোঁচ, খোৱাং শাখাৰ শাখা প্ৰবন্ধক শৰ্মিষ্ঠা দাস উপস্থিত থাকে (role of self help group in self reliant) ।
অনুষ্ঠানটিত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে ভাৰতীয় ষ্টেট বেংকৰ ডিব্ৰুগড় প্ৰশাসনিক কাৰ্যালয়ৰ উপ-মহাপ্ৰবন্ধক আফতাব আহমেদ মালিক, ভাৰতীয় ষ্টেট বেংকৰ ক্ষেত্রীয় বাণিজ্য কাৰ্যালয়, ডিব্ৰুগড়ৰ সহকাৰী মহাপ্ৰবন্ধক নীৰজ শ্বাহ, পলাশ হাজৰিকা, খণ্ড উন্নয়ন বিষয়া, খোৱাং, কমলাকান্ত গোৱালা, জিলা প্ৰকল্প প্ৰবন্ধক, ডিব্ৰুগড়, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ প্ৰশান্ত দত্ত , অধ্যক্ষ, মৰাণ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ অমৃত দে’, মুখ্য প্ৰবন্ধক, প্ৰশাসনিক কাৰ্যালয় ডিব্ৰুগড় (State Bank of India initiative to SHG) ।