সোণাৰি, 7 ডিচেম্বৰ:মঙলবাৰে সোণাৰি সদৰ থানাত সংঘটিত হোৱা ভয়ংকৰ গুলী চালনাৰ ঘটনাই ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে (Sonari police murder case) । কিয়নো সদৰ থানাৰ চৌহদতে আৰক্ষীয়ে গুলীয়াই হত্যা কৰিলে এজন সতীৰ্থক । গুলী চালনাত নিহত হৈছিল গকুল বসুমতাৰী নামৰ আৰক্ষীজন । দীপক কাকতি নামৰ জোৱানজনৰ গুলীত নিহত হয় গকুল বসুমতাৰী । ঘটনাৰ পাছতে গুলীবিদ্ধ গকুল বসুমতাৰীক ততাতৈয়াকৈ চৰাইদেউ ৰাজ্যিক চিকিৎসালয়লৈ নিয়া হয় যদিও মৃত্যু হয় গকুল বসুমতাৰীৰ (Police personnel shot dead in Sonari) ।
মৰণোত্তৰ পৰীক্ষা সম্পূৰ্ণ হোৱাৰ পাছতেই মঙলবাৰে নিশাৰ ভাগত সোণাৰি সদৰ থানাৰ চৌহদতে অনুষ্ঠিত কৰা হয় গকুল বসুমতাৰীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান । চকুলো টুকি সতীৰ্থক শেষ শ্ৰদ্ধা জনালে আৰক্ষী বিষয়া জোৱানে (Tribute to Gokul Basumatary in Sonari) । ঘটনা সংঘটিত হোৱাৰ পাছতেই গকুল বসুমতাৰীৰ নশ্বৰ দেহ নিবলৈ সদৰ থানাত পৰিয়ালৰ লোক উপস্থিত হয় ।
শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পাছতেই সোণাৰি আৰক্ষী থানাত সতীৰ্থৰ গুলীত নিহত আৰক্ষী জোৱান গকুল বসুমতাৰীৰ মৃতদেহ চামগুৰিৰ নিজ গৃহলৈ প্ৰেৰণ কৰা হয় ।
ইফালে সোণাৰি থানাত গকুল বসুমতাৰীৰ পৰিয়ালৰ লোক উপস্থিত হোৱাৰ পাছতে ঘটনাস্থলী দেখুৱাই ঘটনাৰ বিৱৰণ দিলে সোণাৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই । ঘটনাস্থলীত উপস্থিত হৈ শোকত ভাগি পৰে পৰিয়ালৰ লোক (Gokul Basumatary family members at Sonari PS) । এই ঘটনাক গৰিহনা দিয়াৰ লগতে উচিত তদন্ত কৰি চৰকাৰলৈ ন্যায় প্ৰদান কৰাৰ আহ্বান পৰিয়ালৰ লোকৰ ।