মৰাণ, 15ডিচেম্বৰ: দেওবাৰে চৰাইদেউ জিলা সাহিত্য সভাৰ দ্বিতীয় কাৰ্যনিৰ্বাহক এখন সভা অনুষ্ঠিত হয় ৷ দিৰৈ শাখা সাহিত্য সভাৰ আতিথ্যত দিৰৈ ৰাঙলী উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত হয় সভাখন । জিলা সাহিত্য সভাৰ সভাপতি প্ৰিয়বৰ কোঁৱৰৰ পৌৰুহিত্যত অনুষ্ঠিত হোৱা সভাখনত উপস্থিত থাকে অঞ্চলটোৰ শতাধিক লোক ৷ সভাখনত আগন্তুক ২০২১-২২ বৰ্ষত ৰূপায়ন কৰিবলগীয়া কৰ্ম আঁচনি সম্পৰ্কে বিস্তৃত ব্যাখ্যা দাঙি ধৰে জিলা সাহিত্য সভাৰ সম্পাদক ডঃ ৰঘুনাথ কাগয়ুঙে ৷
এশখন গ্ৰন্থ প্ৰকাশৰ পৰিকল্পনা চৰাইদেউত - Charaideo
২০২১ বৰ্ষত এশখন গ্ৰন্থ প্ৰকাশৰ পৰিকল্পনা কৰিছে চৰাইদেউ জিলা সাহিত্য সভাই ৷ জিলাখনৰ বহু গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰাৰ উদ্দশ্যৰে শনিবাৰে অনুষ্ঠিত হৈ যায় কাৰ্যনিৰ্বাহক সভাখন ৷ সভাখনত অঞ্চলটোৰ বহু লোক উপস্থিত থাকে ৷

এশখন গ্ৰণ্ঠ প্ৰকাশৰ পৰিকল্পনা চৰাইদেউত
অন্য এক খবৰৰ বাবে:কাৰ্বি আংলঙৰ খটখটীত ৫০ কেজি গাঞ্জাসহ এজনক গ্ৰেপ্তাৰ
২০২১-২২ বৰ্ষত গ্ৰন্থ প্ৰকাশত গুৰুত্ব দি এশখন গ্ৰন্থ প্ৰকাশৰ উদ্দেশ্য আগত ৰখাৰ লগতে এই বৰ্ষটোত, চৰাইদেউ জিলা সাহিত্য সভাৰ গ্ৰন্থ প্ৰকাশ বৰ্ষ, ২০২১ হিচাপে পালন কৰা হ'ব বুলি ঘোষণা কৰা হয় সভাখনত ৷