মৰাণ, ১৪ আগষ্ট: অসমক ড্ৰাগছ মুক্ত কৰাৰ বাবে দিনে-নিশাই আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰি তুলিছে ৷ আনফালে ড্ৰাগছ ব্যৱসায়ীয়ে আৰক্ষীক প্ৰত্যাহ্বান জনাই চলাই আছে ড্ৰাগছৰ ক'লা বেহা । চৰাইদেউ জিলাতো অব্যাহত আছে নিচাজাতীয় দ্ৰব্যৰ সৰবৰাহ । শুকুৰবাৰে সোণাৰিৰ অসম-নাগালেণ্ড সীমান্তৰ নামতোলাত আৰক্ষীয়ে জব্দ কৰে ২.৮ গ্ৰাম নিষিদ্ধ ড্ৰাগছ । নামতোলাৰ টিলা লাইনৰ ড্ৰাগছ মাফিয়া ৰিনা টায়েঙৰ ঘৰত অভিযান চলাই আৰক্ষীয়ে ড্ৰাগছখিনি জব্দ কৰে ।
এই অভিযানত নগদ ধনো জব্দ কৰে আৰক্ষীয়ে । নামতোলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অভিজিৎ ডেকাৰ নেতৃত্বত এই অভিযান চলোৱা হয় । এই সন্দৰ্ভত নামতোলা আৰক্ষীয়ে এক গোচৰ ৰুজু কৰাৰ লগতে ড্ৰাগছ মাফিয়া ৰিনা টায়েঙক আটক কৰে । উল্লেখ্য যে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ড্ৰাগছ মুক্ত অসম গঢ়াৰ লক্ষ্য স্থিৰ কৰিছিল ।