সোণাৰিত ড্ৰাগছ সহ গ্ৰেপ্তাৰ 7 ব্যৱসায়ী আৰু সেৱণকাৰী - Drugs peddler arrested from Charaideu_
আটকাধীন যুৱক কেইজন চুবুৰীয়া নগালেণ্ডৰ মন জিলাৰ ৷ উক্ত অভিযানত আৰক্ষীয়ে উদ্ধাৰ কৰে প্ৰায় ২০ গ্ৰাম চানফ্লাৱাৰ নামৰ নিষিদ্ধ ড্ৰাগছ ।
চৰাইদেউ, 12 নৱেম্বৰ : চৰাইদেউ জিলাৰ সোণাৰিৰ অসম - নাগালেণ্ড সীমান্তৰ নামতোলাৰ অশ্বিনী বিলত সোমবাৰে নিশা চৰাইদেউ আৰক্ষীয়ে চলালে ড্ৰাগছ বিৰোধী অভিযান। চৰাইদেউ মহকুমা আৰক্ষী বিষয়া ত্ৰিদীপ কুম্বাঙৰ নেতৃত্বত চলোৱা হয় এই অভিযান ৷ আৰক্ষী বিষয়াগৰাকীৰ অভিযানত নামতোলা অশ্বিনী বিলৰ গংগা লিম্বুৰ নামৰ মহিলা এগৰাকীৰ বাসগৃহত ড্ৰাগছ সেৱন কৰি থকা অৱস্থাত আৰক্ষীয়ে আটক কৰে চাৰি নগা যুৱকক ৷ লগতে অমৰ লিম্বু আৰু মুনীয়া লিম্বুকো আৰক্ষীয়ে নিসিদ্ধ ড্ৰাগছ ব্যৱসায়ত জৰিত থকাৰ অভিযোগত আটক কৰে ৷ জানিব পৰা মতে আটকাধীন যুৱক কেইজন চুবুৰীয়া নগালেণ্ডৰ মন জিলাৰ ৷ উক্ত অভিযানত আৰক্ষীয়ে উদ্ধাৰ কৰে প্ৰায় ২০ গ্ৰাম চানফ্লাৱাৰ নামৰ নিষিদ্ধ ড্ৰাগছ ।