অসম

assam

ETV Bharat / state

Drugs Disposal at Sonari: সোণাৰিত আৰক্ষীয়ে দাহ কৰিলে লক্ষাধিক টকাৰ নিচাজাতীয় দ্ৰব্য - Seized Drugs burnt all over India

সমগ্ৰ দেশজুৰি শনিবাৰে দাহন কৰা হয় NCB (Narcotics Control Bureau) তথা আৰক্ষীয়ে বিভিন্ন সময়ত জব্দ কৰা ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰী (Seized Drugs burnt all over India) । দেশ তথা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে সোণাৰিতো দাহ কৰা হয় বিভিন্ন সময়ত জব্দ কৰা ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰী(Drugs Disposal at Sonari) । দাহ কৰিলে প্ৰায় লক্ষাধিক টকা মূল্যৰ নিচাজাতীয় সামগ্ৰী ।

Drugs Disposal at Sonari
সোণাৰিৰ থুকুবিলত আৰক্ষীয়ে দাহ কৰিলে লক্ষাধিক টকাৰ নিচাজাতীয় দ্ৰব্য

By

Published : Jul 31, 2022, 9:57 AM IST

সোণাৰি,৩১ জুলাই :শনিবাৰে সমগ্ৰ দেশতে আৰক্ষী তথা নাৰ্কটিক্সে(Narcotics Control Bureau) বিভিন্ন সময়ত বিভিন্ন স্থানত জব্দ কৰা নিচাযুক্ত দ্ৰৱ্য দাহন তথা বিনষ্ট কৰাৰ কাৰ্যসূচী গ্ৰহণ কৰা হয় (Seized Drugs burnt all over India) । গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশক্ৰমে প্ৰতিখন ৰাজ্যতে ৰূপায়ণ কৰা এই কাৰ্যসূচীৰ অংশ হিচাবে অসমত নিচাযুক্ত দ্ৰৱ্য ৰাজহুৱাভাৱে বিনষ্ট কৰা হৈছে । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে সোণাৰিতো আৰক্ষী প্ৰশাসনৰ উদ্যোগত দাহ কৰে প্ৰায় লক্ষাধিক টকা মূল্যৰ নিচাজাতীয় সামগ্ৰী(Drugs Disposal at Sonari) ।

ড্ৰাগছ, ভাং আৰু নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাইছে চৰাইদেউ জিলা আৰক্ষীয়ে । জিলাখনত যাতে ড্ৰাগছ, ভাং আৰু নিচাযুক্ত সামগ্ৰীৰ ঘাটি হ'ব নোৱাৰে তাৰ বাবে চৰাইদেউ আৰক্ষীয়ে তৎপৰ হৈ থকা পৰিলক্ষিত হৈছে । শনিবাৰে দেশজুৰি চলা নিষিদ্ধ ড্ৰাগছ দাহন কাৰ্যসূচী ৰূপায়ণ কৰে চৰাইদেউ আৰক্ষীয়েও । সোণাৰিৰ থুকুবিলত আৰক্ষীয়ে দাহ কৰিলে বহু লাখ টকাৰ ড্ৰাগছ, গাঞ্জা তথা নিচাজাতীয় টেবলেট ।

সোণাৰিৰ থুকুবিলত আৰক্ষীয়ে দাহ কৰিলে লক্ষাধিক টকাৰ নিচাজাতীয় দ্ৰব্য

উক্ত ড্ৰাগছ দাহন কাৰ্যসূচীত উপস্থিত থাকে চৰাইদেউ জিলাৰ আৰক্ষী অধীক্ষক যুৱৰাজৰ লগতে অতিৰিক্ত উপায়ুক্ত অভিজিত গগৈ, উপ- আৰক্ষী অধীক্ষক অনিতা কোঁৱৰৰ ওপৰিও অন্যান্য প্ৰশাসনিক বিষয়াসকল । ড্ৰাগছ বিৰোধী এই অভিযান অনাগত সময়তো অব্যাহত থাকিব বুলি জানিবলৈ দিয়ে আৰক্ষী অধীক্ষকগৰাকীয়ে ।

লগতে পঢ়ক:Baksa DC Press Conference: বাক্সাত ভোটাৰ তালিকা বিশেষ সংক্ষিপ্ত সংশোধন সন্দৰ্ভত উপায়ুক্তৰ সংবাদমেল

ABOUT THE AUTHOR

...view details