মৰাণ, 24 জুলাই : ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ ৰাজ্য চৰকাৰে ড্ৰাগছ তথা নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে । ৰাজ্যৰ প্ৰতিখন জিলাতে প্ৰতিদিনে জব্দ হৈছে বৃহৎ পৰিমাণৰ ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰী । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কোটি টকীৰ ড্ৰাগছ তথা নিচাজাতীয় দ্ৰব্য দহন কৰাৰ পাছত শনিবাৰে চৰাইদেউ জিলাতো দহন কৰা হয় কেইবা লাখ টকাৰ ড্ৰাগছৰ তথা নিচা জাতীয় সামগ্ৰী ৷
চৰাইদেউ আৰক্ষীয়ে বিগত দুটা বছৰত জব্দ কৰা অবৈধ ড্ৰাগছ তথা নিচাজাতীয় দ্ৰব্য আনুষ্ঠানিকভাৱে দাহ কৰে মন্ত্ৰী যোগেন মহনে । মন্ত্ৰী যোগেন মহনে জানিবলৈ দিয়া অনুসৰি শুকুৰবাৰে প্ৰায় ২৬ লাখ ৭০ হাজাৰ টকা মূল্যৰ ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰী দহন কৰা হয় । বিশেষকৈ ২০ লাখ টকাৰ মূল্যৰ ২৮৭.০১ গ্ৰাম ব্ৰাউন চুগাৰ দাহ কৰা হয় বুলি জানিবলৈ দিয়ে মন্ত্ৰী গৰাকীয়ে ৷