অসম

assam

By

Published : Mar 23, 2022, 9:01 AM IST

Updated : Mar 23, 2022, 9:40 AM IST

ETV Bharat / state

বিধ্বংসী অগ্নিকাণ্ডত ভস্মীভূত ডিব্ৰুগড় নিউ মাৰ্কেটৰ প্ৰায় 30 খন দোকান

ডিব্ৰুগড়ত পুৱতি নিশা ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হয় (Fire breaks out in Dibrugarh)৷ এই অগ্নিকাণ্ডত প্ৰায় ৩০ খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে ভস্মীভূত হয় ৷

ডিব্ৰুগড়ত ভয়াবহ অগ্নিকাণ্ড
ডিব্ৰুগড়ত ভয়াবহ অগ্নিকাণ্ড

মৰাণ, 23 মাৰ্চ : ডিব্ৰুগড়ত পুৱতি নিশা ভয়াৱহ অগ্নিকাণ্ড (Fire breaks out in Dibrugarh) । নিশাৰ প্ৰায় 3 বজাত ডিব্ৰুগড় চহৰৰ নিউ মাকেটত সংঘটিত হয় ভয়াৱহ এই অগ্নিকাণ্ড । প্ৰায় চাৰিঘণ্টাজুৰি অব্যাহত থকা এই অগ্নিকাণ্ডত জাহ যায় সৰু-বৰ কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান ৷

তথ্য অনুসৰি, বৰ্তমান প্ৰায় ৩০ খন ব্যৱসায়িক প্ৰতিষ্ঠান ভস্মীভূত হৈছে এই অগ্নিকাণ্ডত (Dibrugarh massive fire)। বিহুৰ প্ৰাক মূহুৰ্তত সংঘটিত হোৱা এই অগ্নিকাণ্ডত কেইবাকোটি টকাৰ সা-সম্পত্তি ভস্মীভূত হোৱা বুলি জানিব পৰা গৈছে । এই দুৰ্ঘটনা সংঘটিত হোৱাৰ পাচতেই খবৰ দিয়া হয় অগ্নিনিৰ্বাপক বাহিনীক ৷

বিধ্বংসী অগ্নিকাণ্ডত ভস্মীভূত ডিব্ৰুগড় নিউ মাৰ্কেটৰ প্ৰায় 30 খন দোকান

উজনিৰ বিভিন্ন প্ৰান্তৰ পৰা ইখনৰ পাচত সিখনকৈ অগ্নিনিৰ্বাপক বাহন আহিছিল যদিও বহু সময়লৈকে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হোৱা নাছিল । অৱশ্যে পৰৱৰ্তী সময়ত BCPL, OIL INDIA LIMITED ৰ অগ্নিনিৰ্বাপক বাহিনীৰ বাহন উপস্থিত হৈ জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয় । উল্লেখ্য যে, চৰ্ট চাৰ্কিটৰ ফলতেই এই ঘটনাৰ সূত্ৰপাত হোৱা বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক :পৃথক পৃথক অগ্নিকাণ্ডত ছাৰখাৰ তিনিটাকৈ বাসগৃহ

Last Updated : Mar 23, 2022, 9:40 AM IST

ABOUT THE AUTHOR

...view details