মৰাণ, ৯ ডিচেম্বৰ : পুনৰ অসমৰ যুৱকৰ বহিঃৰাজ্যত ৰহস্যজনক মৃত্যু (Assam youth death in outer state) ৷ কৰ্মসংস্থাপনৰ বাবে বহিঃৰাজ্যলৈ গৈ ৰহস্যজনকভাৱে মৃত্যুক আঁকোৱালি ল'লে চৰাইদেউৰ বৰহ গাঁৱৰ নবীন শইকীয়া (২৭) নামৰ যুৱকগৰাকীয়ে (Charaideu youth died in outer state) ৷
৪ ডিচেম্বৰত চেন্নাইলৈ বুলি সমনীয়াৰ সৈতে কৰ্মসংস্থাপনৰ বাবে নিজগৃহৰ পৰা ৰে'লযোগে যাত্ৰা আৰম্ভ কৰে যদিও শেহতীয়াকৈ ওডিশাৰ বঢ়মপুৰত নবীনৰ মৃতদেহ উদ্ধাৰক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ (Assam youth dead body recovered in Odisha) ৷ আনহাতে, চৰাইদেউৰ সাপেখাতীৰ মৰাণহাবি গাঁৱৰ সৎৰাম গগৈৰ পুত্ৰ লোকনাথ গগৈয়ে আজি দীৰ্ঘদিন ধৰি অন্ধ্ৰপ্ৰদেশত কৰ্মৰত হৈ আছিল ।
কিন্তু বৃহস্পতিবাৰে যুৱকজনৰ মৃতদেহ অৰ্ধ উলংগ অৱস্থাত উদ্ধাৰ হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে (Assam youth dead body recovered in Andhra Pradesh) । লোকনাথ গগৈৰ মৃতদেহ সম্প্ৰতি অন্ধ্ৰপ্ৰদেশত আজমগড় আৰক্ষী থানাত ৰখা হৈছে বুলি সাপেখাতী আৰক্ষীয়ে পৰিয়ালক জনাইছে ।
দুয়োটা পৰিয়ালকে স্থানীয় আৰক্ষীয়ে এই কথা অৱগত কৰোৱাৰ পাছতেই দুয়োটা পৰিয়ালত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে । মৃতদেহ উদ্ধাৰ কৰি ঘৰলৈ অনাৰ বাবে স্থানীয় আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিছে বুলিও জানিব পৰা গৈছে । কিন্তু কি কাৰণত বহিঃৰাজ্যত এই দুই যুৱকৰ ৰসহ্যজনকভাৱে মৃত্যু হৈছে সেয়া জানিব পৰা হোৱা নাই ।
লগতে পঢ়ক :Dr Banikanta Kakati merit award : 1462 গৰাকী শিক্ষাৰ্থীক স্কুটী প্ৰদান শিক্ষামন্ত্ৰী ড৹ ৰনোজ পেগুৰ