অসম

assam

চৰাইদেউত চিকিৎসালয়ৰ পৰা মুক্ত হ'ল প্ৰথমজন কৰ'ণা আক্ৰান্ত

By

Published : Jun 13, 2020, 5:27 AM IST

সোণাৰিৰ ৰজাপুখুৰীস্থিত চিকিৎসালয় খনৰ ক'ভিড কক্ষত যোৱা 4 জুনত ভৰ্তি কৰোৱা হৈছিল ব্যক্তিগৰাকীক । ব্যক্তিগৰাকী কাকতিবাৰী পহুচুঙী গাঁৱৰ বুধিন্দ্ৰ বৰুৱা (২১) বুলি জানিবলৈ পোৱা গৈছে ।

চৰাইদেউত চিকিৎসালয়ৰ পৰা মুক্ত হ'ল প্ৰথমজন ৰোগী
চৰাইদেউত চিকিৎসালয়ৰ পৰা মুক্ত হ'ল প্ৰথমজন ৰোগী

চৰাইদেউ, 13 জুনঃচৰাইদেউ মহকুমা অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন প্ৰথমজন COVID-১৯ ৰোগীক ঘৰলৈ প্ৰেৰণ কৰা হয় ৷ সোণাৰিৰ ৰজাপুখুৰীস্থিত চিকিৎসালয় খনৰ ক'ভিড কক্ষত যোৱা 4 জুনত ভৰ্তি কৰোৱা হৈছিল ব্যক্তিগৰাকীক । ব্যক্তিগৰাকী কাকতিবাৰী পহুচুঙী গাঁৱৰ বুধিন্দ্ৰ বৰুৱা (২১) বুলি জানিবলৈ পোৱা গৈছে ।

চৰাইদেউত চিকিৎসালয়ৰ পৰা মুক্ত হ'ল প্ৰথমজন ৰোগী

উল্লেখ্য যে যে চেন্নাইৰপৰা ঘৰলৈ উভতি আহি চৰাইদেউ জিলাৰ মৰাণত কোৱাৰেণ্টাইন হৈ থকা সময়তে দেহত কৰ'ণা ভাইৰাছ পজিটিভ ধৰা পৰাত ব্যক্তিগৰাকীক ৰজাপুখুৰীস্থিত চৰাইদেউ অসামৰিক চিকিৎসালয়ৰ ক'ভিড কক্ষত ভৰ্তি কৰোৱা হৈছিল । চিকিৎসালয়খনৰ চিকিৎসক ডাঃ মিলন কুমাৰৰ তত্বাৱধানত থাকি বিগত দিনকেইটাত চিকিৎসা গ্ৰহণ কৰাৰ অন্তত সুস্থ হৈ উঠাত শুকুৰবাৰে চিকিৎসালয় কৰ্তৃপক্ষই বুধিন্দ্ৰ বৰুৱাক ঘৰলৈ যাবলৈ অনুমতি প্ৰদান কৰে । সেই অনুসৰি চৰাইদেউ জিলাৰ উপায়ুক্ত পলাশ ৰঞ্জন ঘৰফলীয়াৰ লগতে জিলা প্ৰশাসনৰ জ্যেষ্ঠ বিষয়া তথা স্বাস্থ্য বিভাগৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকি যুৱক জনক গামোচা পিন্ধাই বিদায় দিয়ে চিকিৎসালয়খনৰ পৰা ৷

লগতে পঢ়কঃ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ সৈতে ইটিভি ভাৰতৰ আছুতীয়া সাক্ষাৎকাৰ

ABOUT THE AUTHOR

...view details