মৰাণ,১১ ছেপ্টেম্বৰ :চৰাইদেউ জিলাৰ অন্তৰ্ভুক্ত নাজিৰা বিধানসভা সমষ্টিৰ চুকাফা গাঁও পঞ্চায়তৰ সভাকক্ষত অনুষ্ঠিত এটা প্ৰশিক্ষণ কাৰ্যসূচীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । কেন্দ্ৰীয় চৰকাৰৰ PMKSY (Pradhan Mantri Krishi Sinchai Yojana) আঁচনিৰ অধীনত নিৰ্বাচিত হিতাধিকাৰীৰ তালিকাত বিসংগতিৰ অভিযোগ উত্থাপন কৰি উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰে স্থানীয় নিবনুৱা যুৱক-যুৱতীসকলে । জানিব পৰা মতে PMKSY আঁচনিৰ অধীনত উৎপাদন ব্যৱস্থা আৰু ক্ষুদ্ৰ প্ৰতিষ্ঠানৰ ভিত্তিত ভূমি সংৰক্ষণ বিভাগৰ (Soil conservation department) WDC ৰ যোগেদি উৎপাদনকাৰী আৰু ক্ষুদ্ৰ প্ৰতিষ্ঠান আগবঢ়াবৰ বাবে আত্মসহায়ক গোট আৰু ব্যক্তিগতভাৱে চৰকাৰে আৰ্থিক সাহায্য আৰু ঋণ প্ৰদানৰ ব্যৱস্থা কৰিছে ।
কিন্তু WDCৰ অন্তৰ্গত সমিতিবোৰে পঞ্চায়ত বা স্থানীয় ৰাইজক অৱগত নকৰাকৈ নিজ ইচ্ছাৰে বিভাগীয় বিষয়াৰ লগ হৈ তালিকা প্ৰস্তুত কৰাৰ অভিযোগ উত্থাপন হৈছে । অভিযোগ অনুসৰি এই তালিকাত চাকৰিয়াল,পঞ্চায়তৰ প্ৰতিনিধি তথা গাওঁৰক্ষী বাহিনীৰ লোকৰ নাম অন্তৰ্ভুক্ত কৰিছে WDCৰ সমিতিয়ে । ইয়াৰ পৰিপ্ৰেক্ষিতত এতিয়া ক্ষোভিত হৈ পৰিছে স্থানীয় যুৱকসকল ।