গুৱাহাটী,21 মাৰ্চ: নিৰ্বাচন আহিলে অসমৰ কেইবাটাও প্ৰসংগ বিশেষভাৱে চৰ্চালৈ আহে ৷ তাৰ ভিতৰত এটা হৈছে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগ ৷ প্ৰতিটো ৰাজনৈতিক দলেই ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ বিষয়টো উত্থাপন কৰি ভোট আদায় কৰাৰ চেষ্টা চলোৱা পৰিলক্ষিত হয় ৷ এইবাৰো যেন তাৰ ব্যতিক্ৰম হোৱা নাই ৷ শাসকীয় দল বিজেপিয়ে জনজাতিকৰণৰ বিষয়টোক লৈ দীৰ্ঘসময় ধৰি ৰাজনীতি কৰি অহাৰ মাজতে কংগ্ৰেছেও বিষয়টোক ৰাজনীতি কৰাৰ আহিলা হিছাপে প্ৰয়োগ কৰিব খোজা পৰিলক্ষিত হৈছে ৷
ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত কংগ্ৰেছৰ কমিটি গঠন - ছয় জনগোষ্ঠীৰ জনজাতিকৰণ
ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত আইনী আৰু সাংবিধানিক বিধিৰ ওপৰত অধ্যয়ন কৰিবলৈ কংগ্ৰেছে গঠন কৰিলে কমিটি ৷ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা অসমৰ তত্ত্বাৱধায়ক জীতেন্দ্ৰ সিঙে গঠন বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ অধ্যক্ষতাত কমিটিখন গঠন কৰি দিছে ৷
ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত কংগ্ৰেছৰ কমিটী গঠন
ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত আইনী আৰু সাংবিধানিক বিধিৰ ওপৰত অধ্যয়ন কৰিবলৈ কংগ্ৰেছে দেওবাৰে এখন কমিটি গঠন কৰে ৷ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ অধ্যক্ষতাত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা অসমৰ তত্ত্বাৱধায়ক জীতেন্দ্ৰ সিঙে কমিটিখন গঠন কৰি দিছে ৷ দেৱব্ৰত শইকীয়াৰ অধ্যক্ষতাত গঠিত কমিটিখনত আছে ডাঃ দুৰ্লভ চমুৱা, বৰ্ণালী শইকীয়া বৰা, কাৰ্তিক কুৰ্মী, ব্ৰজেন সন্দিকৈ, বিৰিঞ্চি নেওগ, প্ৰণৱ বৰুৱা আৰু শৈলেন্দ্ৰ সোণোৱাল । সকলো দিশ অধ্যয়ন কৰি এই কমিটিয়ে প্ৰতিবেদন দাখিল কৰিব বুলি জানিব পৰা গৈছে ৷