ডিব্ৰুগড়, 11 ছেপ্টেম্বৰ: তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি প্ৰক্ৰিয়াত ধনৰ লেন-দেনৰ অভিযোগ তুলি গ্ৰেপ্তাৰ হ’ল ভিক্টৰ দাস নামৰ এজন যুৱক (Victor Das arrested)৷ ইয়াৰ পাছতে সমগ্ৰ ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ অভিযোগকাৰীক গ্ৰেপ্তাৰ বিৰুদ্ধেও মাত মাতিছে বিভিন্নজনে ৷ ইয়াৰ মাজতে দেওবাৰে ঘটনা সন্দৰ্ভত প্ৰথমবাৰৰ বাবে মুখ খুলিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma on Victor Das)৷
ভিক্টৰ দাস নামৰ যুৱকজনে অনা অভিযোগৰ তীব্ৰ বিৰোধিতা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ সমান্তৰালকৈ সংবাদ মাধ্যমকো তীক্ষ্ণ সমালোচনা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ ভিক্টৰ দাসে অনা অভিযোগৰ বাতৰি সংবাদ মাধ্যমত প্ৰচাৰ কৰাত ক্ষুন্ন হৈ পৰে মুখ্যমন্ত্ৰীগৰাকী ৷ এনেধৰণৰ বাতৰি প্ৰচাৰ কৰি চাকৰি প্ৰাৰ্থীসকলৰ মূৰ গৰম নকৰিবলৈ সংবাদ মাধ্যমক আহ্বান জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে (Himanta Biswa Sarma advices media) ৷
অসম চৰকাৰৰ শেহতীয়া নিযুক্তি পৰীক্ষা(Assam recruitment examination) সম্পূৰ্ণ নিকাভাৱে সম্পন্ন হোৱা বুলি পুনৰবাৰ উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰিজাল্টৰ দিনা সকলে স্পষ্ট হৈ পৰিব ৷ আম্বানীৰ ঘৰৰ পৰীক্ষাৰ্থীয়ে নে পকৰি বিক্ৰী কৰা ঘৰৰ পৰীক্ষাৰ্থীয়ে চাকৰি পায় সেয়া স্পষ্ট হ’ব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷