অসম

assam

ETV Bharat / state

কংগ্ৰেছৰ দৰে নিকৃষ্ট ৰাজনীতি কৰাৰ মানসিকতা বিজেপিৰ নাই - সোণাৰিৰ নিৰ্বাচনী প্ৰচাৰ

সোণাৰিৰ নিৰ্বাচনী প্ৰচাৰ সভাত শ্ৰমিক কল্যাণ দিৱস পালন কৰাৰ কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ চাহ জনগোষ্ঠীৰ লোকক কেৱল ভোট বেংক হিচাপে ব্যৱহাৰ কৰে বুলি কংগ্ৰেছক কটাক্ষ ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ ৷

সোণাৰিত নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত মুখ্যমন্ত্ৰী

By

Published : Oct 17, 2019, 5:32 PM IST

সোণাৰি,17 অক্টোবৰঃ "৫৪ বছৰীয়া শাসনৰ সময়ত কংগ্ৰেছে চাহ জনগোষ্ঠীৰ উন্নয়নৰ কথা নাভাবিলে, চাহ শ্ৰমিকৰ মাতৃ-পুত্ৰৰ দুৰৱস্থাৰ কথা চিন্তা নকৰিলে কংগ্ৰেছে ৷ কংগ্ৰেছৰ দৰে নিকৃষ্ট ৰাজনীতি কৰাৰ মানসিকতা বিজেপিৰ নাই । সকলো জাতি-জনগোষ্ঠীৰ উন্নয়নৰ বাবেহে ৰাজনীতি কৰে বিজেপিয়ে ৷" সোণাৰিৰ উপ-নিৰ্বাচনৰ প্ৰচাৰ সভাত উপস্থিত হৈ বৃহস্পতিবাৰে এই মন্তব্য কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

সোণাৰিত নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত মুখ্যমন্ত্ৰী

মুখ্যমন্ত্ৰীৰ লগতে সোণাৰিৰ বিজেপি প্ৰাৰ্থী নৱনীতা সন্দিকৈৰ হৈ প্ৰচাৰ চলালে কৃষিমন্ত্ৰী অতুল বৰাৰ লগতে ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা,যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ,অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ দয়ানন্দ বৰগোহাঁইৰ লগতে বহুকেইগৰাকী বিজেপি আৰু অগপ নেতাই ৷ কংগ্ৰেছক ভোট দি লাভ নাই,চাহ শ্ৰমিকসকলক কংগ্ৰেছে কেৱল ভোট বেংক হিচাপেহে ব্যৱহাৰ কৰে বুলি কংগ্ৰেছক কটাক্ষ কৰিলে ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই ৷ উল্লেখযোগ্য যে,চাহ শ্ৰমিক নেতা সন্তোষ তপ্নৰ জন্ম দিন ২৩ নৱেম্বৰ দিনটো শ্ৰমিক কল্যাণ দিৱস হিচাপে পালন কৰাৰ কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

লগতে পঢ়কঃ বহুজাতিক প্ৰতিষ্ঠানৰ বিৰুদ্ধে গণ আন্দোলনৰ হুংকাৰ সদৌ মৰাণ ছাত্ৰ সন্থাৰ

ABOUT THE AUTHOR

...view details