মৰাণ, 26 আগষ্ট : চাহ বাগিচা অঞ্চল সমূহত বহু ব্যক্তি আজিও নিৰক্ষৰ হৈ থকা বাবে অন্ধবিশ্বাসৰ কবলত পৰি সংঘটিত কৰিছে নৰবলিৰ দৰে ঘটনা । শেহতীয়াকৈ চৰাইদেউ জিলাৰ সোণাৰিত চলিত মাহতে পোহৰলৈ আহিছে দুটাকৈ এনে ঘটনা । যাক লৈ চৰাইদেউ আৰক্ষী প্ৰশাসনৰ লগতে সমাজ কৰ্মী সকল চিন্তিত হৈ পৰিছে ।
লগতে পঢ়ক :পঞ্চদশ কেবিনেটে গ্ৰহণ কৰিলে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত
কেইটামান দিনৰ পূৰ্বেই সোণাৰিত ডিঙি চেপি হত্যা কৰা হৈছিল এটি চাৰিবছৰীয়া কন্যা শিশু । মৃতদেহটোৰ কাষত পূজাৰ সামগ্ৰী উদ্ধাৰ হোৱাত শিশুটিক বলি দিয়া বুলি সন্দেহ কৰিছিল । পাছত আৰক্ষীয়ে সমগ্ৰ ঘটনাটোৰ মাষ্টাৰ মাইণ্ড শিশুটিৰ পিতৃ আণ্টা মুণ্ডা বুলি জানিব দিছিল । পূজা অনুষ্ঠিত কৰি শিশুটিক হত্যা কৰা বুলি আৰক্ষীৰ আগত শিশুটিৰ পিতৃয়ে স্বীকাৰ কৰিছিল ।
লগতে পঢ়ক :পহিলা ছেপ্তেম্বৰৰ পৰা খুলিব ৰাজ্যৰ শিক্ষানুষ্ঠান: ভেকচিন বাধ্যতামূলক