চৰাইদেউ,21 জানুৱাৰীঃ গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত মঙলবাৰে চৰাইদেউৰ সোণাৰিৰ সমীপৰ সাপেখাতীত সংঘটিত হয় ভয়ংকৰ বোমা বিস্ফোৰণ ৷ সাপেখাতী চাৰিআলিৰ সমীপত পুৱতি নিশা সংঘটিত এই বিস্ফোৰণৰ ফলত সৃষ্টি হয় প্ৰকাণ্ড গাঁতৰ ৷ ঐতিহাসিক ধোদৰ আলিৰ নিকটৱৰ্তী বিস্ফোৰণস্থলীত ততালিকে উপস্থিত হয় সেনা,আৰক্ষী ৷
গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত চৰাইদেউত বোমা বিষ্ফোৰণ - সাঁপেখাতী
মঙলবাৰে পুৱতি নিশা চৰাইদেউৰ সমীপৰ সাপেখাতীত সংঘটিত হয় এক ভয়ংকৰ বোমা বিস্ফোৰণ ৷ বিস্ফোৰণৰ ফলত ঘটনাস্থলীত সৃষ্টি হয় প্ৰকাণ্ড গাঁতৰ ৷ গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত সংঘটিত বিস্ফোৰণ সন্দৰ্ভত এতিয়ালৈকে কোনো উগ্ৰপন্থী সংগঠনে দায়িত্ব স্বীকাৰ কৰা নাই ৷
বোমা বিষ্ফোৰণ
স্থানীয় ব্যৱসায়ী কানু পালৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ সন্মুখত সংঘটিত বিস্ফোৰণৰ ফলত অঞ্চলটোত স্বাভাৱিকতে আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে ৷ বিস্ফোৰণ সন্দৰ্ভত এতিয়ালৈকে কোনো উগ্ৰপন্থী সংগঠনে দায়িত্ব স্বীকাৰ কৰা নাই ৷ সেনা-আৰক্ষীয়ে ইতিমধ্যে এই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷