চৰাইদেউ 23 এপ্ৰিলঃবৃহস্পতিবাৰেসোণাৰিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত হৈ কৰ'ণা সম্পৰ্কত গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে চৰাইদেউ জিলা প্ৰশাসনৰ লগত পৰ্যালোচনা কৰে । জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত পৰ্যালোচনা সভাত ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচা,যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ,সোণাৰি সমষ্টিৰ বিধায়িকা নৱনীতা সন্দিকৈ,উপায়ুক্ত পলাশ ৰঞ্জন ঘৰফলীয়া,জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ লগতে জিলাৰ উচ্চ পদস্থ বিষয়া তথা বিভাগৰ প্ৰতিনিধি সকল উপস্থিত থাকি চৰাইদেউ জিলাত প্ৰশাসনে ক'ভিড ১৯ক প্ৰতিহত কৰিবলৈ লোৱা ব্যৱস্থাৱলী সন্দৰ্ভত বুজ লয়।
চৰাইদেউ প্ৰশাসনৰে বৈঠক মুখ্যমন্ত্ৰীৰ - চৰাইদেউত উপস্থিত মুখ্যমন্ত্ৰী সোণোৱাল
সাম্প্ৰতিক পৰিস্থিতিৰ বুজ ল'বলৈ চৰাইদেউত ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগতে সাংসদ,বিধায়ক জিলাৰ খনৰ উচ্চ পদস্থ বিষয়াৰে গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয় ৷
চৰাইদেউত উপস্থিত মুখ্যমন্ত্ৰী সোণোৱাল
তাৰ পূৰ্বে শদিয়াৰ পৰা হেলিকপ্তাৰ যোগে সোণাৰিলৈ আহি পোনে পোনে ৰজাপুখুৰীস্থিত চৰাইদেউ জিলা অসামৰিক চিকিৎসালয়ত স্থাপন কৰা ক'ভিড চিকিৎসালয়ত উপস্থিত হৈ চিকিৎসা ব্যৱস্থা সন্দৰ্ভত জিলা চিকিৎসা বিভাগৰ লগত মত বিনিময় কৰে। চৰাইদেউ জিলা উপায়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে ৷
লগতে পঢক ঃকোৱাৰেন্টাইনত থকা কোনো লোকলৈ ভয় নকৰিবঃ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা