মৰাণ, 5 জানুৱাৰী :বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ নাম তালিকাত স্থান পোৱাৰ দিশে আগবাঢ়িছে আহোম ৰাজত্বৰ 600 বছৰীয়া সোণালী ইতিহাস বহন কৰা ঐতিহাসিক চৰাইদেউ মৈদামস্থলী ৷ বিগত 7 অক্টোবৰত চৰাইদেউ মৈদাম ক্ষেত্ৰ পৰিদৰ্শন কৰিবলৈ আহিছিল ইউনেস্ক'ৰ (UNESCO) বিশেষ প্ৰতিনিধিয়ে ৷ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভৰ দিশত আগবঢ়া এই চৰাইদেউ মৈদামত অতি উলাহ-মালহেৰে তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে চৰাইদেউ মহোৎসৱ ৷
আজিৰে পৰা তিনিদিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে চৰাইদেউ মৈদাম ক্ষেত্ৰত অনুষ্ঠিত হৈছে চৰাইদেউ মহোৎসৱ- 2024 ৷ পুৱা মূল তোৰণ উন্মোচন কাৰ্যসূচীৰে এই চৰাইদেউ মহোৎসৱ শুভাৰম্ভ কৰে চৰাইদেউ জিলাৰ আয়ুক্ত নিবেদন দাস পাটোৱাৰীয়ে ৷ ইয়াৰ পাছত মূল পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি, বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে ৷ ইয়াৰ পাছত স্মৃতি তৰ্পণ, স্বৰ্গদেউ সকললৈ শ্ৰদ্ধাঞ্জলি অর্পণ আৰু বান-ফি পূজা হয় ৷