অসম

assam

By

Published : Aug 2, 2021, 9:55 PM IST

ETV Bharat / state

মূল্যবৃদ্ধি ৰোধত চৰমভাৱে ব্যৰ্থ হৈছে বিজেপি চৰকাৰ: চৰাইদেউ আছু

মূল্যবৃদ্ধি (Price Hike) নিয়ন্ত্ৰণৰ দাবীত সোমবাৰে সোণাৰিত চৰাইদেউ জিলা ছাত্ৰ সন্থা (Charaideo AASU)ৰ প্ৰতিবাদ ৷ শীঘ্ৰেই মূল্যবৃদ্ধি নিয়ন্ত্ৰণ নকৰিলে প্ৰতিবাদ অব্যাহত ৰাখিব বুলি হুংকাৰ চৰাইদেউ আছুৰ ৷

charaideo aasu protest
চৰাইদেউ আছুৰ প্ৰতিবাদ

মৰাণ, 2 আগষ্ট :পৰিবৰ্তনৰ প্ৰতিশ্ৰুতি দিয়া বিজেপি(BJP) চৰকাৰৰ দিনতে মূল্যবৃদ্ধি (Price Hike)য়ে বিপাঙত পেলাইছে সাধাৰণ ৰাইজক । যাৰ ফলস্বৰূপে ৰাজ্যৰ বিভিন্ন প্ৰান্তত মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত আৰম্ভ হৈছে প্ৰতিবাদ (Protest) । সোমবাৰে পেট্ৰ’ল-ডিজেলকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধৰ দাবীত চৰাইদেউ জিলা ছাত্ৰ সন্থাই (Charaideo AASU) সোণাৰিত ৰূপায়ণ কৰে এক বিক্ষোভ কাৰ্যসূচী । মূল্যবৃদ্ধি ৰোধৰ দাবীত চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ নেতা-কৰ্মীয়ে উত্তাল কৰি তোলে সোণাৰিৰ লাচিত উদ্যানৰ পাৰ ।

চৰাইদেউ আছুৰ প্ৰতিবাদ

লগতে পঢ়ক :মূল্যবৃদ্ধিৰ বিৰুদ্ধে আছুৰ উত্তাল প্ৰতিবাদ

বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি চৰাইদেউ জিলা ছাত্ৰ সন্থাই মূল্যবৃদ্ধি ৰোধ কৰি সাধাৰণ ৰাইজক সকাহ দিয়াৰ বাবে চৰকাৰক দাবী জনাইছে । প্ৰতিবাদস্থলীৰ পৰা চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ নেতৃত্বই কয় যে, মূল্যবৃদ্ধি নিয়ন্ত্ৰণত চৰমভাৱে ব্যৰ্থ হৈছে বিজেপি চৰকাৰ । চৰকাৰৰ বিৰুদ্ধে ব্যৰ্থতাৰ অভিযোগ উত্থাপন কৰি প্ৰতিবাদকাৰীসকলে কয় যে, ক’ভিড (Covid) মহামাৰীয়ে দেশ তথা ৰাজ্যৰ জনসাধাৰণৰ জনজীৱন স্তব্ধ কৰি তোলাৰ সময়তে চৰকাৰে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিব নোৱাৰি সাধাৰণ ৰাইজক অৰ্থনৈতিকভাৱে অধিক কোঙা কৰি তুলিছে ।

লগতে পঢ়ক :মুখ্যমন্ত্ৰীয়ে দিয়া স্কুটী ঠেলি মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ

শীঘ্ৰেই মূল্যবৃদ্ধি নিয়ন্ত্ৰণ নকৰিলে প্ৰতিবাদ অব্যাহত ৰাখিব বুলিও চৰাইদেউ আছুৰ নেতৃত্বই হুংকাৰ প্ৰদান কৰে ।

লগতে পঢ়ক :ইন্ধনজাত সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে আছুৰ চাইকেল চলাই প্ৰতিবাদ

ABOUT THE AUTHOR

...view details