ডিব্ৰুগড়, 27 নৱেম্বৰ : আলফা স্বাধীনক ধন দিয়াৰ অভিযোগত তিনিজনক কাৰাগাৰলৈ প্ৰেৰণ কৰিলে আৰক্ষীয়ে । চৰাইদেউ জিলাৰ নামতোলা আৰক্ষীয়ে অভিযান চলাই শুকুৰবাৰে আটক কৰা লোককেইজনক দেওবাৰে প্ৰেৰণ কৰিলে কাৰাগাৰলৈ (Charaideo Businessman imprisoned)।
আলফা স্বাধীনক ধন দিয়াৰ অভিযোগত তিনি ব্যৱসায়ীক জে’ললৈ প্ৰেৰণ কাৰাগাৰলৈ প্ৰেৰণ কৰা লোককেইজন হ'ল মনোহৰ ঠাকুৰ, লালবাহাদুৰ ঠাকুৰ আৰু কাদেৰ শ্বাহ । এই আটাইকৈইজনেই হ'ল অসম-নাগালেণ্ড সীমান্তৰ নামতোলা অঞ্চলৰ প্ৰতিষ্ঠিত ব্যৱসায়ী ।
আলফা স্বাধীনক ধন দিয়াৰ অভিযোগত তিনি ব্যৱসায়ীক জে’ললৈ প্ৰেৰণ জানিব পৰা মতে আলফা স্বাধীনৰ হৈ নামতোলাত ধন দাবী কৰি আটক হোৱা নগা যুৱক টিংমন কন্যাকৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে আটক কৰিছিল তিনিওজন ব্যৱসায়ীক । পৰৱৰ্তী সময়ত আৰক্ষীৰ অনুসন্ধানত সত্য প্ৰমাণিত হোৱাত আটাইকে কাৰাগাৰলৈ প্ৰেৰণ কৰা হয় (Businessman sent to jail in Charaideo)।
আলফা স্বাধীনক ধন দিয়াৰ অভিযোগত তিনি ব্যৱসায়ীক জে’ললৈ প্ৰেৰণ লগতে পঢ়ক :Open firing in Jorhat : যোৰহাটৰ মাজ মজিয়াত বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা