মৰাণ, ১৮ অক্টোবৰ: বিজেপি চৰকাৰৰ দিনত ৰাজ্যত কেইবাখনো মেডিকেল কলেজ স্থাপন কৰা হ'ল । স্বাস্থ্যখণ্ডৰ উন্নয়নৰ জয়গানো ৰাইজে শুনিলে । কিন্তু প্ৰকৃততে গ্ৰামাঞ্চলৰ একাংশ ৰাইজৰ বাবে এয়া সকলো অসাৰ প্ৰতিপন্ন হৈছে । কিয়নো এতিয়াও ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ স্বাস্থ্য কেন্দ্ৰসমূহৰ অৱস্থা তথৈবচ ।
ইয়াৰ এক উৎকৃষ্ট উদাহৰণ হৈছে চৰাইদেউ জিলাৰ সোণাৰিৰ বৰহাট প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ । এই স্বাস্থ্য কেন্দ্ৰটোত ৪৫ দিনৰো অধিক সময় ধৰি এজনো চিকিৎসক নাই । ৫২ খন ৰাজহ গাঁৱৰ ৰাইজক চিকিৎসা সেৱা আগবঢ়োৱাৰ উদ্দেশ্যেৰে এই স্বাস্থ্য কেন্দ্ৰ স্থাপন কৰা হৈছিল । কিন্তু বৰহাট প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত এজনো চিকিৎসক নথকাত সমস্যাৰ সন্মুখীন হৈছে বৃহৎ অঞ্চলটোৰ ৰাইজে ৷
বহু দূৰৰ পৰা ৰোগীয়ে চিকিৎসাৰ বাবে বৰহাট প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত উপস্থিত হয় ঠিকেই, পিছে চিকিৎসক নাপাই পুনৰ ঘৰমুৱা হ'বলগীয়া হয় ৷ গৰ্ভৱতী মহিলাই স্বাস্থ্য কেন্দ্ৰলৈ আহিলেও চিকিৎসা লাভৰ পৰা বঞ্চিত হ'বলগীয়া হয় ।