ডিব্ৰুগড়, 8 ছেপ্টেম্বৰ :বৃহস্পতিবাৰে চৰাইদেউ জিলাৰ অসম অৰুণাচল সীমান্তৱৰ্তী এলেকাৰ চৰাইপুঙৰ গড়কোষৰ ৰাজহুৱা খেলপথাৰত অসম চৰকাৰৰ চৰাইদেউ জিলা প্ৰশাসন আৰু অৰুণাচল চৰকাৰৰ লংডিং জিলা প্ৰশাসনৰ মাজত অনুষ্ঠিত হয় এক গুৰুত্বপূৰ্ণ বৈঠক (Meeting between Assam and Arunachal Pradesh govt) । দুয়ো ৰাজ্যৰ মাজত চলি অহা সীমা বিবাদৰ সন্দৰ্ভতে আয়োজিত কৰা হয় এই সভাখনৰ । য’ত উপস্থিত থাকে দুয়োখন ৰাজ্যৰ জন প্ৰতিনিধিসকল ৷
উক্ত বৈঠকতে অৰুণাচলক এক ইঞ্চিও মাটি এৰি নিদিয়াৰ হুংকাৰ প্ৰদান কৰে সাংসদ তপন কুমাৰ গগৈয়ে । পূৰ্বে নিৰ্ধাৰিত টিয়ক নদীলৈকে অসমৰ সীমা ৰখাৰ পোষকতা কৰে সাংসদগৰাকীয়ে । আনহাতে, অসমৰ মাটিত থকা অৰুণাচলৰ লোকসকলক অসমৰ সৈতে বসবাস কৰাৰ আহ্বান জনাই সাংসদগৰাকীয়ে ৷
অৰুণাচলক এক ইঞ্চিও মাটি এৰি দিয়া নহ’ব : তপন কুমাৰ গগৈ লগতে পঢ়ক :Assam Meghalaya border issue: কাৰ্বি পাহাৰত জ্বলিছে ক্ষোভৰ তুঁহ জুই
লগতে অসম চৰকাৰৰ তৰফৰ পৰা সুবিধা প্ৰদান কৰাৰো আশ্বাস দিয়ে সাংসদ তপন কুমাৰ গগৈয়ে ৷
আজি অৰ্থাৎবৃহস্পতিবাৰৰ এই বৈঠকৰ পূৰ্বেও মন্ত্ৰী বিমল বৰাৰ উপস্থিতিত চৰাইদেউ জিলা প্ৰশাসনৰ উদ্যোগত অসম আৰু অৰুণাচল চৰকাৰৰ লগত আলোচনা অনুষ্ঠিত হৈছিল (Assam Arunachal Pradesh border dispute) ৷ কিন্তু সেই আলোচনাৰ কোনো ধৰণৰ সমাধান ওলোৱা নাছিল । আজি দুই ৰাজ্যৰ আলোচনাৰে সীমা সমস্যা সমাধানত কিমান দূৰ আগুৱাই নিব পাৰিব সেয়াহে লক্ষ্যণীয় হ’ব (Border dispute meeting between Assam and Arunachal) ।
লগতে পঢ়ক :অসম-অৰুণাচল সীমান্তৰ বিবদমান অঞ্চল পৰিদৰ্শন মন্ত্ৰী কেশৱ মহন্তৰ
উল্লেখ্য যে, বৃহস্পতিবাৰে আয়োজিত উক্ত সভাত অসম চৰকাৰৰ হৈ উপস্থিত থাকে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, স্থানীয় বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, উপায়ুক্ত পল বৰুৱাৰ লগতে বহু শীৰ্ষ বিষয়াসকল । আনহাতে, অৰুণাচল প্ৰদেশৰ হৈ উপস্থিত থাকে লংডিং জিলাৰ উপায়ুক্ত বানী লেগু, কানুবাৰীৰ বিধায়ক গ্ৰেবিয়েল ডেনবাং বাংচুৰ লগতে লংডিং জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াসকল ৷
লগতে পঢ়ক :শীঘ্ৰেই সমাধানৰ দিশে অসম-অৰুণাচলৰ সীমা সমস্যা