চৰাইদেউ-নগালেণ্ড সীমান্তৱৰ্তি পথ অৱৰোধ প্ৰত্যাহাৰ - অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী প্ৰত্যাহাৰ
চৰাইদেউ জিলাৰ অতিৰিক্ত উপায়ুক্ত জিতু কুমাৰ দাস, চৰাইদেউ জিলাৰ সীমান্ত শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ উপস্থিতিত মঙলবাৰে বিয়লি নগালেণ্ডৰ মন জিলাৰ অতিৰিক্ত উপায়ুক্ত পাকন ফম আৰু চৰকাৰী উচ্চ পদস্থ বিষয়াসকলে অৱৰোধ কাৰী সংগঠনসমূহৰ নেতাসকলৰ লগত অসম -নগালেণ্ড সংযোগী নামতোলা দলঙৰ ওপৰত এক আলোচনাত মিলিত হয় ।
চৰাইদেউ-নগালেণ্ড সীমান্তৱৰ্তি পথ অৱৰোধ প্ৰত্যাহাৰ
শিৱসাগৰ,2ছেপ্তেম্বৰঃ চৰাইদেউ জিলা প্ৰশাসন, নগালেণ্ডৰ মন জিলা প্ৰশাসন আৰু সোণাৰিৰ বিভিন্ন দল-সংগঠনৰ মাজত হোৱা আলোচনামৰ্মে সাময়িকভাৱে প্ৰত্যাহাৰ কৰে অৰ্থনৈতিক অৱৰোধ । উল্লেখযোগ্য যে, নাগালেণ্ডত অসমৰ ব্যৱসায়ীক কৰ'ণা পৰীক্ষাৰ নামত হাৰাশাস্তি আৰু অবৈধ ভাৱে অতিৰিক্ত ধন সংগ্ৰহৰ কৰাৰ অভিযোগত বিগত এসপ্তাহে অৰ্থনৈতিক অৱৰোধ অব্যাহত আছিল।