মৰাণ,১৪ মাৰ্চ: ৰাজ্যৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাথো কেইটামান মাহ । ইতিমধ্যে প্ৰতিটো ৰাজনৈতিক দলে আৰম্ভ কৰি দিছে ৰাজনৈতিক ৰণকৌশলৰ লগতে কুচ-কাৱাজ ৷ ইতিমধ্যে প্ৰতিটো ৰাজনৈতিক দলে আৰম্ভ কৰি দিছে ইখনৰ পিছত সিখন বিশাল নিৰ্বাচনী সভা ৷ ৰাষ্ট্ৰীয় দল কংগ্ৰেছেও সম্পূৰ্ণ যুদ্ধকালীন তৎপৰতাৰে আৰম্ভ কৰিছে নিৰ্বাচনী কুচ-কাৱাজ ৷ ইয়াৰ অংশ হিচাপে চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিতো দেখা গ’ল ইয়াৰ প্ৰতিফলন ৷
কংগ্ৰেছ দলৰ প্ৰাৰ্থী সূৰুজ দিহিঙীয়াই দলীয় ভেঁটি সুদৃঢ় কৰিবলৈ ইতিমধ্যে সমষ্টিটোৰ বিভিন্ন প্ৰান্তত নিৰ্বাচনী সভা সমিতি অনুষ্ঠিত কৰি ভোট আদায়ৰ সম্পূৰ্ণ চেষ্টা অব্যাহত ৰাখিছে । সেই উদ্দেশ্যৰেই দেওবাৰে মাহমৰাৰ বহু কেইজন সক্ৰিয় বিজেপি কৰ্মীয়ে কংগ্ৰেছ দলত যোগদান কৰে । দেওবাৰেই সমষ্টিতোৰ কংগ্ৰেছ প্ৰাৰ্থী সূৰুজ দিহিঙীয়াৰ বাসগৃহত কংগ্ৰেছ দলত যোগদান কৰে কংগ্ৰেছৰ নীতি আদৰ্শত আকৃষ্ট হৈ যোগদান কৰে বহু কেইগৰাকী বিজেপি, অগপ কৰ্মী ।