মৰাণ, 12 মাৰ্চঃ নিৰ্বাচনৰ গৰম বতাহৰ মাজতে আগমণ ঘটিছে বসন্ত কালৰ । গছৰ আঁৰত লুকাই থকা কুলিটিয়েও দিছে বিহুৰ আগজাননী । ঠিক এনে সময়তে সোণাৰিত এটি নিভাঁজ শ্ৰব্য বিহুগীত এলবাম উন্মোচন কৰা হয় । চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয়ত বৃহস্পতিবাৰে সন্ধিয়া উন্মোচন কৰা হয় বিহুগীতৰ এলবামটো ।
চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয়ত বিহুগীতৰ এলবাম উন্মোচন - নিভাঁজ শ্ৰব্য বিহুগীত
ৰাজ্যত নিৰ্বাচন গৰম বতাহৰ মাজতে চৰাইদেউ ছাত্ৰ সংন্থাৰ কাৰ্যালয়ত উন্মোচন এটি শ্ৰব্য বিহুগীতৰ এলবাম ৷ এলবামটিৰ সংগীত আৰু শব্দ সংমিশ্ৰণ সপ্তম শ্ৰেণীৰ ছাত্ৰ চৈতন্যচান গগৈৰ ৷
চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ কাৰ্যলয়ত বিহুগীতৰ এলবাম উন্মোচন
চৰাইদেউ বিহু দলৰ বিহুৱা প্ৰফুল্ল কোঁৱৰ ওৰফে ফুলি চৰাইদেউৰ বিহুগীতৰ এই এলবামটো উন্মোচন কৰে সাংস্কৃতিক কৰ্মী মণি গগৈয়ে । উল্লেখ্য যে বিহু ধেমেলীয়া শীৰ্ষক এই বিহুগীতৰ এলবামটোৰ সংগীত আৰু শব্দ সংমিশ্ৰণ কৰিছে সপ্তম শ্ৰেণীত অধ্যয়নৰত চৈতন্যচান গগৈয়ে ।
লগতে পঢ়কঃনগাঁও জিলাত প্ৰাৰ্থীৰ মনোনয়ন পত্ৰৰ পৰীক্ষণ সম্পন্ন