চৰাইদেউ, 3 এপ্ৰিল : ৰাজ্যত নিৰ্বাচনৰ লগতে পূৰ্ণ গতিত চলিছে হেঁপাহৰ ৰঙালীক আদৰাৰ প্ৰস্তুতি ৷ অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুক আদৰিবলৈ ৰাজ্যৰ চুকে-কোণে চলিছে ব্যাপক প্ৰস্তুতি ৷ বিহুক আদৰিবলৈ চৰাইদেউ জিলাৰ বাৰেগাঁৱত দহদিনীয়াকৈ অনুষ্ঠিত কৰা হয় বিহুৰ নাচ, ঢোল বাদনৰ কৰ্মশালা ৷
সাপেখাতীত বিহু কৰ্মশালাৰ সামৰণি অনুষ্ঠান
চৰাইদেউত বিহুৰ কৰ্মশালাৰ সামৰণি অনুষ্ঠান ৷ 117 গৰাকী শিল্পীয়ে অংশগ্ৰহণ কৰে কৰ্মশালাখনত ৷
সাপেখাতীত বিহু কৰ্মশালাৰ সামৰণি অনুষ্ঠান
বীৰ লাচিত সেনা অসমৰ সাপেখাতীৰ আঞ্চলিক সমিতি আৰু বাৰেগাঁৱৰ ৰাইজৰ সহযোগত আয়োজিত কৰ্মশালাখনত 117 গৰাকী শিল্পীয়ে অংশগ্ৰহণ কৰে ৷ বিহুৰ নাচ, ঢোল বাদনৰ কৰ্মশালাখনৰ শুকুৰবাৰে সফল সামৰণি পৰে ৷ উক্ত কৰ্মশালাখনত প্ৰশিক্ষক ৰূপে থাকে ৰূপেশ্বৰ শইকীয়া, গায়ত্ৰী গগৈ, সপোন জ্যোতি ফুকন আৰু প্ৰহ্লাদ গগৈ ৷
লগতে পঢ়ক:অসম আন্দোলনৰ সপ্ত শ্বহীদক স্মৰণ