মৰাণ, ২৪ এপ্ৰিল: শেহতীয়াকৈ সমগ্ৰ দেশৰ লগতে অসমতো ক'ভিড আক্ৰান্তৰ সংখ্যা প্ৰতিদিনে বৃদ্ধি হ'বলৈ ধৰিছে ৷ দৈনিক শ শ লোক আক্ৰান্ত হোৱাত উদ্বিগ্ন হৈ পৰিছে ৰাজ্য চৰকাৰৰ স্থাস্থ্য বিভাগ ৷ প্ৰতিখন জিলালৈ ইতিমধ্যে প্ৰেৰণ কৰিছে কেতবোৰ নিৰ্দেশাৱলী ৷ সংক্ৰমণ প্ৰতিৰোধৰ বাবে তৎপৰ হৈ পৰিছে ৰাজ্যৰ প্ৰতিখন জিলাৰ প্ৰশাসন ৷ স্বাস্থ্যবিভাগে প্ৰেৰণ কৰা স্বাস্থ্যবিধি অনুসৰি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে জিলা প্ৰশাসন সমূহে ৷
চৰাইদেউত ভাৰতীয় জনতা যুৱ মৰ্চাৰ সজাগতা অভিযান - চৰাইদেউ জিলাৰ সোণাৰী সমষ্টিৰ বিভিন্ন প্ৰান্তত সজাগতা অভিযান
চৰাইদেউ জিলাৰ সোণাৰী সমষ্টিৰ বিভিন্ন প্ৰান্তত ভাৰতীয় জনতা যুৱ মৰ্চা, অসম প্ৰদেশৰ উদ্যোগত আৰু চৰাইদেউ জিলাৰ সহযোগত ক'ৰণাৰ সংক্ৰমণৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি সজাগতামূলক কাৰ্যসূচী ৰূপায়ন কৰাৰ লগতে বিনামূলীয়াকৈ মাস্ক বিতৰণ কৰে ৷
শনিবাৰে চৰাইদেউ জিলাৰ সোণাৰী সমষ্টিৰ বিভিন্ন প্ৰান্তত ভাৰতীয় জনতা যুৱ মৰ্চা, অসম প্ৰদেশৰ উদ্যোগত আৰু চৰাইদেউ জিলাৰ সহযোগত ক'ৰণাৰ সংক্ৰমণৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি সজাগতামূলক কাৰ্যসূচী ৰূপায়ন কৰাৰ লগতে বিনামূলীয়াকৈ মাস্ক বিতৰণ কৰে । যুৱ মৰ্চা কৰ্মীসকলোকে ক'ভিড নীতি নিয়ম মানিবলৈ আহ্বান জনোৱাৰ লগতে জিলাখনৰ সকলো ঠাইতে এই সজাগতা কাৰ্যসূচী গ্ৰহণ কৰা হ'ব বুলি জানিবলৈ দিয়ে ভাৰতীয় জনতা যুৱ মৰ্চাই । চৰাইদেউ প্ৰশাসনে জিলাখনৰ সকলো বিহুৰ অনুষ্ঠান বাতিল কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে । জিলা প্ৰশাসনে ক'ভিড নীতি নিয়ম পালন নকৰাসকলৰ প্ৰতি কঠোৰ হোৱা পৰিলক্ষিত হৈছে ৷
লগতে পঢ়ক: মৰিয়ণীত ৰে'লৰ খুন্দাত থিতাতে নিহত এজন যুৱক
TAGGED:
ভাৰতীয় জনতা যুৱ মৰ্চা