মৰাণ, 16 ছেপ্টেম্বৰ:ৰাজ্যজুৰি সোপাধৰাৰ ওলোৱাৰ ভিন্ন বাতৰি প্ৰকাশ হৈ থকাৰ মাজতে সোণাৰিত এক অঘটন সংঘটিত হৈছে ৷ সোণাৰিত দিন দুপৰতে বলীউডৰ কায়দাৰে বিদ্যালয়লৈ গৈ থকা এগৰাকী ছাত্ৰক অপহৰণৰ চেষ্টা চলোৱা ঘটনা পোহৰলৈ আহিছে (Student kidnapping case) ৷
ঘটনা অনুসৰি বুধবাৰে পুৱা সোণাৰি জাতীয় বিদ্যালয়ত পঢ়ি থকা এজন ছাত্ৰই প্ৰতিদিনৰ দৰে বিদ্যালয়লৈ গৈ থকা পথত এখন গাড়ীয়ে পিছা কৰে (student attempted to kidnapping at Sonari) ৷ ছাত্ৰজনে খোজৰ লগত মিলাই ক্ৰমাৎ আগবাঢ়িছিল গাড়ীখন (student attempted to kidnapping) ৷
অৱশেষত গাড়ীখনৰ পৰা এজন লোক ওলাই নিজেই মাত দিয়ে ছাত্ৰজনক ৷ ছাত্ৰজনে তেওঁৰ প্ৰশ্নৰ প্ৰত্যুত্তৰত বিদ্যালয়লৈ যাঁও বুলি কোৱাত লোকজনে ছাত্ৰগৰাকীক পুনৰ কোন বিদ্যালয়লৈ যাব বুলি প্ৰশ্ন কৰে ৷ ছাত্ৰজনে বিদ্যালয়ৰ নাম কোৱাৰ পিছতেই লোকজনে ছাত্ৰজনক গাড়ীখনত উঠিবলৈ কৈ বিদ্যালয়লৈ থৈ আহিম বুলি প্ৰলোভন দিয়ে ৷ ছাত্ৰজনে এই প্ৰলোভনত পতিয়ন গৈ গাড়ীখনত উঠিবলৈ মান্তি হয় আৰু গাড়ীখনত উঠে ৷
লগে লগে ছাত্ৰজনে নিজৰ আশেপাশে চোৱাত গাড়ীৰ ভিতৰত ছুৰী, লোককেইজনৰ হাতত গ্লভ’ছ পৰিলক্ষিত কৰাত সন্দেহ উপজে ৷ লগে লগে ছাত্ৰজনে গাড়ীখনৰ পৰা নামিবলৈ খোজোতেই অপহৰণকাৰীৰ দলটোৰ এজনে ছাত্ৰজনক হাতত ধৰি টনা আজোৰা কৰে ৷