মৰাণ, ৭ ছেপ্টেম্বৰ : ৰাজ্য চৰকাৰে কৰম পূজাক লৈ দিয়া এখন জাননীক লৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ মাজতে মঙলবাৰে ৰাজ্যখনৰ বিভিন্ন বাগিচাত শ্ৰমিকসকলে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয় (Assam tea workers protest) ।
ইয়াৰ কাৰণ হৈছে চাহ জনগোষ্ঠীয় সংগঠনসমূহৰ লগতে চাহ শ্ৰমিকসকলে দীৰ্ঘদিন ধৰি কৰম পূজাত বাগিচাসমূহ বন্ধ দিবলৈ চৰকাৰক আহ্বান জনাই আহিছিল যদিও সেয়া এইবাৰো চৰকাৰে কাৰ্যকৰী নকৰিলে (Tea workers demanded holiday on Karam puja) । আনহাতে, চৰকাৰে কৰম পূজাত মজুৰিসহ ছুটীৰ পৰিৱৰ্তে 'বদলি ছুটী' দিয়াৰ বাবে জাননী জাৰি কৰে ।
অৰ্থাৎ কৰম পূজাত ছুটী ল'লে উক্ত ছুটীৰ সলনি আন এদিন অতিৰিক্তভাৱে বাগিচাত কাম কৰিব লাগিব চাহ শ্ৰমিকসকলে । ইয়াৰ পাছতে আৰম্ভ হয় বাগিচাই বাগিচাই শ্ৰমিকৰ প্ৰতিবাদ (Tea workers protest against Assam Govt) । ইফালে চাহ শ্ৰমিকৰ ভোটেৰে শাসনৰ গাদী দখল কৰা বিজেপি চৰকাৰৰ এই হঠকাৰী নীতিক কঠোৰ সমালোচনা কৰিছে প্ৰাক্তন কংগ্ৰেছ মন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা এতোৱা মুণ্ডাই (Atowa Munda criticized BJP Govt) ।