অসম

assam

ETV Bharat / state

Assam youth killed in Nagaland: মৰণোত্তৰ পৰীক্ষা নহ’ল ললিত-উৎপলৰ; ৰাইজে নকৰে সৎকাৰ ! - People refuse to cremate bodies of youths

নাগালেণ্ড আৰক্ষীৰ কাণ্ডজ্ঞানহীনতা ৷ দুই যুৱকৰ মৃতদেহ সৎকাৰ কৰিবলৈ লোৱা সময়ত মৰণোত্তৰ পৰীক্ষাৰ কোনো চিন নাপাই ৰাইজে সৎকাৰ কৰিবলৈ অস্বীকাৰ কৰে দুই যুৱকৰ মৃতদেহ ।

নাগালেণ্ড আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষা নকৰাৰ বাবে যুৱকদ্বয়ৰ মৃতদেহ সৎকাৰৰ বাবে অস্বীকাৰ ৰাইজৰ
নাগালেণ্ড আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষা নকৰাৰ বাবে যুৱকদ্বয়ৰ মৃতদেহ সৎকাৰৰ বাবে অস্বীকাৰ ৰাইজৰ

By ETV Bharat Assamese Team

Published : Sep 27, 2023, 11:55 AM IST

নাগালেণ্ড আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষা নকৰাৰ বাবে যুৱকদ্বয়ৰ মৃতদেহ সৎকাৰৰ বাবে অস্বীকাৰ ৰাইজৰ

মৰাণ, 27 ছেপ্টেম্বৰ : যোৱা 25 ছেপ্টেম্বৰত নাগালেণ্ডৰ মন জিলাৰ আংচেঙীয়াত দুই অসমীয়া যুৱকৰ মৃতদেহ অৰ্ধ উলংগ অৱস্থাত ক্ষত-বিক্ষত ৰূপত উদ্ধাৰ কৰা হৈছিল ৷ নাগালেণ্ডত কোনো দুৰ্বৃত্তই যুৱকদ্বয়ক হত্যা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছিল ৷

ঘটনাৰ বিৱৰণী অনুসৰি, যোৱা 22 ছেপ্টেম্বৰত চৰাইদেউ জিলাৰ সোণাৰিৰ পৰা নাগালেণ্ডৰ টবুলৈ দোকানৰ সামগ্ৰী দিবলৈ গৈ 23 ছেপ্টেম্বৰত ঘৰলৈ ঘূৰি অহাৰ পথতেই ঘৰৰ লোকৰ সৈতে যোগাযোগ বিচ্ছিন্ন হয় দুয়ো যুৱকৰ । ইয়াৰ পাচতেই নাগালেণ্ডৰ মন জিলাৰ আংচেঙীয়াত অতি ৰসহ্যজনকভাৱে সোণাৰিৰ ললিত নাওহলীয়া আৰু উৎপল তাছা নামৰ দুই যুৱকৰ অৰ্ধ উলংগ অৱস্থাত উদ্ধাৰ হয় ক্ষত-বিক্ষত মৃতদেহ ।

ইয়াৰ পিচতে নাগালেণ্ডৰ মন জিলাৰ আৰক্ষীক সমগ্ৰ ঘটনাৰ উচিত তদন্তৰ দাবী কৰিছিল দল-সংগঠনৰ লগত দুই যুৱকৰ পৰিয়ালে । পৰৱৰ্তী সময়ত মঙলবাৰে দুই যুৱকৰ মৃতদেহ সোণাৰি পায়হি ৷ কিন্তু যুৱক দুজনৰ মৃতদেহ সোণাৰি পোৱাৰ লগে লগেই যুৱকদ্বয়ৰ পৰিয়ালত এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয় । মৰণোত্তৰ পৰীক্ষা নকৰোৱাকৈয়ে নাগালেণ্ড আৰক্ষীয়ে অসমলৈ পঠিয়াইছিল দুই যুৱকৰ মৃতদেহ ।

নাগালেণ্ড আৰক্ষীৰ এনে কাণ্ডৰ পাচতেই ক্ষোভিত হৈ পৰে ৰাইজ । দুই যুৱকৰ মৃতদেহ সৎকাৰ কৰিবলৈ লোৱা সময়ত মৰণোত্তৰ পৰীক্ষাৰ কোনো চিন নাপাই ৰাইজে সৎকাৰ কৰিবলৈ অস্বীকাৰ কৰে দুই যুৱকৰ মৃতদেহ। এই ঘটনাৰ পিচতেই সৎকাৰস্থলীত উপস্থিত হয় চৰাইদেউ জিলা প্ৰশাসনৰ লোক । আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰাৰ লগতে পুনৰ মৃতদেহ দুটা মৰণোত্তৰ পৰীক্ষাৰ কৰাৰ ব্যৱস্থা কৰা বুলি জানিব পৰা গৈছে ।

মুঠৰ ওপৰত নাগালেণ্ড আৰক্ষীৰ এনে কাণ্ডই চৰাইদেউ সোণাৰিৰ আৰক্ষীকো বিপাঙত পেলোৱা পৰিলক্ষিত হয় । নাগালেণ্ড আৰক্ষীয়ে মৃতদেহ মৰণোত্তৰ পৰীক্ষা নকৰাত এই ঘটনা যে পথ দুৰ্ঘটনা নহয় হত্যাকাণ্ড সেই কথা প্ৰায় নিশ্চিত হৈ পৰিছে ৷

লগতে পঢ়ক:Mob lynching in Bilasipara: বিলাসীপাৰাৰ গণপ্ৰহাৰৰ ঘটনাক লৈ তৎপৰ আৰক্ষী

ABOUT THE AUTHOR

...view details